জনীয়া, 18 আগষ্ট: খহনীয়াৰ তাণ্ডৱত দিশহাৰা নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ধাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam) ৷ নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷
শেহতীয়াকৈ, কলগাছিয়াত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ বিগত এটা মাহত বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাপুৰ গাঁৱত বেঁকী নৈৰ খহনীয়াই ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ৷ সোনাপুৰ গাঁৱৰ প্ৰায় ৩০ টা পৰিয়ালৰ ঘৰ-বাৰী বেঁকী নৈৰ বুকুত বিলীন হৈ গৈছে ৷
উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই ৰাইজৰ ভেটি-মাটি উচন কৰাৰ লগতে উটুৱাই নিছে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰি থকা দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়খন ৷ কিন্তু এই ক্ষেত্ৰত কোনো কাণসাৰ নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা বিভাগীয় কতৃপক্ষৰ ।
খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে আজি কলগাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত বলাইপাথাৰ বেকী নদীৰ পাৰত গণ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰে (Mass Movement in Kalgachia)। বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আজি এনেদৰে প্ৰতিবাদত বহিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় ৰাইজ (Mass Movement demanding erosion prevention at kalgachia) ৷
প্ৰতিবাদকাৰীসকলে গৰাখহনীয়া প্ৰতিৰোধ কৰক, বিদ্যালয় পুনঃস্থাপনৰ ব্যৱস্থা কৰক, খহনীয়াত জাহ যোৱা ভূক্তভোগী পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰলৈ কেইবাটাও দাবী সম্বলিত এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।
লগতে পঢ়ক: গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে সোণাপুৰবাসীৰ মানৱ শৃংখল কাৰ্যসূচী