বৰপেটা,১ মে’: দেশত কৰ'ণা মহামাৰীয়ে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্যসকলে বিভিন্ন স্থানত ৰাইজক সজাগ কৰাৰ বাবে নানান কাৰ্যসূচী অব্যাহত ৰাখিছে ৷ বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেৱকসকলে সকলোৱে যাতে মাস্ক ব্যৱহাৰ কৰাৰ লগতে সঘনাই হাত ধোৱা, বিশেষ প্ৰয়োজন নহ’লে ঘৰৰ বাহিৰলৈ নোলোৱা, জনসমাগম পৰিহাৰ কৰি চলাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ হাটে-বজাৰে ৰাইজক সজাগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
এইমৰ্মে শনিবাৰে জিলাখনৰ সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেৱকসকলে অঞ্চলটোৰ বিভিন্ন স্থানত মাইকযোগে ঘোষণা কৰি ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৷ লগতে যিসকল লোকে মাস্ক পৰিধান নকৰাকৈ বজাৰে-সমাৰে ঘূৰি ফুৰিছে, সেইসকল লোকক স্বয়ংসেৱকসকলে হাতবোৰ চেনিটাইজ কৰি প্ৰত্যেককে মাস্ক বিতৰণ কৰি মাস্ক পৰিধান কৰিবলৈ অনুৰোধ জনায় ৷
সৰুক্ষেত্ৰী খণ্ডৰ স্বয়ংসেৱকসকলে সৰ্থেবাৰী নগৰ, বণিয়াকুছি, বেলবাৰী, ৰাউলী, ভকুৱাটেপা, শিংৰা, গঁড়ৰতাৰি আৰু গহিয়া বজাৰত সজাগতা অভিযান চলাই বহুসংখ্যক লোকক মাস্ক বিতৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত সততে মাস্ক পৰিধান কৰিবলৈ অনুৰোধ কৰে ৷ দেশত কৰ'ণা মহামাৰীৰ সময়ত ৰাইজক সজাগ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলে লোৱা এনে সজাগতাৰ বাবে সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে ৷
লগতে চাওকঃ ইভিএমত বন্দী ভাগ্য...কি প্ৰতিক্ৰিয়া মন্ত্ৰী সঞ্জয় কিষাণৰ ?