জনিয়া,26 মাৰ্চঃ দেশত ক্ৰমাৎ তীব্ৰগতিত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ৷ ইতিমধ্যে লোকসকলক এই ভাইৰাছৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াই আহিছে চিকিৎসাকৰ্মীসকলে ৷ সম্প্ৰতি বজাৰত উভয়বিধ সামগ্ৰীৰে নাটনি ঘটিছে ৷ কিন্তু ইয়াৰ মাজতেই কলগাছিয়াৰ একাংশ ফাৰ্মাচীয়ে ১০০ মিলিলিটাৰৰ নকল ছেনিটাইজাৰ ১৬০/১৭০ টকাৰ বিপৰীতে একোটাকৈ মাস্ক বিক্ৰী কৰিছে 150 টকাত ৷
উল্লেখ্য যে, যি সময়ত চৰকাৰে ২০০ মিলিলিটাৰৰ ছেনিটাইজাৰ ১০০ টকাত বিক্ৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে সেই সময়তেই এইসমূহ ফাৰ্মাচীৰ কাৰ্যই চিন্তিক কৰি তুলিছে সাধাৰণ ৰাইজক ৷ এইসকল ফাৰ্মাচীৰ বিৰুদ্ধে এতিয়া প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷
লগতে পঢ়ক-কৰ'ণাৰ আতংক : লক্ ডাউনৰ সমান্তৰালকৈ চলিছে ছেনিটাইজেচন !