ETV Bharat / state

বিদায় শ্বহীদ প্ৰণয় কলিতা... - মণিপুৰ

উল্লেখ্য যে,মণিপুৰত বিগত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত নিহত হৈছিল জোৱান গৰাকী ৷ জোৱানগৰাকীৰ নশ্বৰদেহত সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ অন্তত এম্বুলেঞ্চৰ সহায়ত লৈ হয় যোৱা বৰপেটা জিলাৰ পাঠশালাৰ সাদেৰীস্থিত বাসগৃহলৈ ৷

PATHSALA
বিদায় শ্বহীদ প্ৰণয় কলিতা.....
author img

By

Published : Jul 31, 2020, 9:09 PM IST

Updated : Aug 1, 2020, 12:33 AM IST

পাঠশালা, 31 জুলাইঃ সামৰিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ল শ্বহীদ প্ৰণয় কলিতাক ৷ আই মাতৃৰ বীৰ সন্তানক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ উদ্দেশ্যে লোকে লোকাৰণ্য হৈ পৰিল শ্বহীদ গৰাকীৰ বাসগৃহ ৷ অশ্ৰুসিক্ত নয়নেৰে স্বামীক বিদায় দিলে পত্নীয়ে ৷ পুত্ৰৰ নিথৰ দেহক সাৱটি উচুপি উঠিল পিতৃ-মাতৃ ৷ পিতৃৰ দেহলৈ স্তব্ধ হৈ চায় ৰ'ল দুই সন্তানে আৰু পঞ্চভূতত বিলীন হৈ গ'ল অসম ৰাইফলছৰ জোৱান প্ৰণয় কলিতা ৷

লগতে পঢ়কঃ মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ

আনহাতে শ্বহীদগৰাকীৰ তিনি ভাতৃও এক প্ৰকাৰ বাকৰুদ্ধ ৷ সেনাবাহিনীয়ে শূণ্য লৈ গুলী ফুটাই সামৰিক মৰ্যাদাৰে সন্মান জনাই বীৰ শ্বহীদগৰাকীক ৷ লগে লগে চৌদিশে ধ্বনিত হয় ভাৰত মাতা জিন্দাবাদ ধ্বনি ৷ তেওঁৰ অন্তিম যাত্ৰাত উপস্থিত থাকে সেনাৰ উচ্চপদস্থ বিষয়া,বৰপেটা জিলা প্ৰশাসনৰ প্ৰায়বোৰ বিষয়াৰ লগতে মন্ত্ৰী ভৱেশ কলিতা ৷ মন্ত্ৰী গৰাকীয়ে শ্বহীদ গৰাকীক শেষ শ্ৰদ্ধা জনাই শ্বহীদৰ পৰিয়ালটোৱে উপযুক্ত চৰকাৰী অনুদান পাব বুলি মন্তব্য কৰে ৷ লগতে পত্নীৰ সংস্থাপনৰ বাবে পদক্ষেপ ল'ব বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷

সামৰিক মৰ্যাদাৰে শেষ বিদায় দিয়া হ'ল শ্বহীদ প্ৰণয় কলিতাক

উল্লেখ্য যে,মণিপুৰত বিগত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলোৱা ভয়ংকৰ আক্ৰমণত নিহত হৈছিল জোৱান গৰাকী ৷ জোৱানগৰাকীৰ নশ্বৰদেহত সামৰিক মৰ্যাদাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ অন্তত এম্বুলেঞ্চৰ সহায়ত লৈ হয় যোৱা বৰপেটা জিলাৰ পাঠশালাৰ সাদেৰীস্থিত বাসগৃহলৈ ৷

লগতে চাওক-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৈ ভূটানৰ নৃপতিৰ কৃতজ্ঞতা প্ৰদান

Last Updated : Aug 1, 2020, 12:33 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.