ETV Bharat / state

জনীয়াত ভোটদানৰ পৰা বঞ্চিত শতাধিক ভোটাৰ

author img

By

Published : Apr 6, 2021, 11:00 PM IST

জনীয়াৰ ১১৮ নং খাতাৰটাৰী ভোটকেন্দ্ৰত ভোটদানৰ পৰা বঞ্চিত শতাধিক ভোটাৰ । ইভিএমৰ বিসংগতি আৰু প্ৰিজাইডিং বিষয়াৰ হেমাহিৰ বাবে ভোটাধিকাৰৰ পৰা শতাধিক ভোটাৰ ৰাইজ বঞ্চিত হোৱাৰ অভিযোগ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

many-voters-unable-to-cast-vote
কাৰ হেমাহিৰ বাবে জনীয়াত ভোটদানৰ পৰা বঞ্চিত হ'ল শতাধিক ভোটাৰ ?

জনীয়া,6 এপ্ৰিল: মঙলবাৰে সামৰণি পৰে ৪০ টা সমষ্টিৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন । বৰপেটা জিলাৰ ৪৪ নং জনীয়া বিধানসভা সমষ্টিৰ প্ৰায়বোৰ কেন্দ্ৰতেই শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায় ৷ বৰপেটা জিলাৰ ১১৮ নং খাতাৰটাৰী ভোটকেন্দ্ৰটোত কিছু বিসংগতিৰ ফলত শতাধিক লোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

জনীয়াত ভোটদানৰ পৰা বঞ্চিত শতাধিক ভোটাৰ

অভিযোগ অনুসৰি, প্ৰিজাইডিং বিষয়াৰ হেমাহিৰ বাবে আৰু ইভিএম বিকল হোৱাত প্ৰায় দুঘণ্টা সময় পলম হোৱাৰ বাবেই শতাধিক ভোটাৰ ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।

আনহাতে, কেন্দ্ৰটোৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়াই প্ৰায় সংখ্যক লোকেই ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি জানিবলৈ দিয়ে । কিন্তু ইভিএমৰ বিসংগতিৰ কাৰণে সময়ৰ অপচয় হোৱা বুলিও স্বীকাৰ কৰে বিষয়া গৰাকীয়ে । ইফালে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: ২৮ বছৰ পাচত ডি ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.