ETV Bharat / state

Operation against child marriage: কলগাছিয়াত বাল্য বিবাহৰ লগত জড়িতৰ অভিযোগত 17 জনক আটক

ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধংদেহী তৎপৰতা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো কলগাছিয়া আৰক্ষীয়ে নিশাৰ ভিতৰত বিভিন্ন ঠাইত অভিযান চলাই পাঁচজন দৰা, দৰাৰ সম্পৰ্কীয় আঠজন, কন্যাৰ সম্পৰ্কীয় দুজন আৰু দুগৰাকী কাজীসহ সৰ্বমুঠ ১৭ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে (Many people arrested related to child marriage ) ৷

author img

By

Published : Feb 3, 2023, 7:02 AM IST

17 arrested related to Child marriage at Kalgachia
কলগাছিয়াত বাল্য বিবাহত জড়িত 17 জনক আটক

জনীয়া, 3 ফেব্ৰুৱাৰী: বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিচতেই ৰাজ্যজুৰি অসম আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে (Operation against child marriage in Assam) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অভিযান ৷ জিলাখনৰ কলগাছিয়া আৰক্ষীয়ে বাল্য বিবাহৰ এই কু প্ৰথাৰ লগত জড়িত লোকসকলৰ সন্ধানত চলাইছে মাৰাথন অভিযান (Operation against child marriage at Kalgachia) ৷ বৃহস্পতিবাৰে নিশা পৰ্যন্ত কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত আৰু বালিকুৰি, বৰভিটা আৰু মইনবড়ী আৰক্ষীৰ সহযোগত জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই পাঁচজন দৰা, দৰাৰ সম্পৰ্কীয় আঠজন, কন্যাৰ সম্পৰ্কীয় দুজন আৰু দুগৰাকী কাজীকে ধৰি সৰ্বমুঠ ১৭ জন লোকক আটক কৰিবলৈ সক্ষম হয় (Many people arrested related to child marriage) ৷

আটকাধীন লোকসকল হৈছে ...

দৰাঃ-

১-কাৰিমুল ইছলাম

২-ৰাজিবুল তালুকদাৰ

৩-সোমেজ উদ্দিন

৪-শাহজাহান আলী

৫-ইলিয়াচ আহমদ

দৰাৰ সম্পৰ্কীয়ঃ-

৬-ছোহৰাব আলী

৭-দিলবাৰ হুছেইন

৮-ফৰমান আলী

৯-জয়নাল তালুকদাৰ

১০-খবিৰ ৰহমান

১১-আব্দুল ছামাদ

১২-আব্দুল ৰেজ্জাক

১৩-হুছেইন আলী

ছোৱালীৰ সম্পৰ্কীয়ঃ-

১৪-আজিত আলী

১৫-মনেছ আলী

কাজীঃ-

১৬-মোকছেদ আলী

১৭-হবিবৰ ৰহমান

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক বিবৃতিত বিগত 9 দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে 4004 টা গোচৰ ৰুজু হৈছে বুলি এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল (Strict action against child marriage in Assam)৷ অসমত বছৰি কমেও 50 হাজাৰ বাল্যবিবাহ হয় । ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ অসমৰ পৰা বাল্য বিবাহৰ প্ৰথা নোহোৱা কৰিবলৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জিলা প্ৰশাসন তথা আৰক্ষীক কঠোৰ অভিযান চলাবলৈ নিৰ্দেশনা দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

বাল্যবিবাহৰ লগত জড়িত থকা মোল্লা, জোনাব, কাজি নাইবা পূজাৰীকো নজৰত ৰখা হ'ব বুলি মুখ্য়মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰোপৰি বাল্যবিবাহৰ চিকাৰ হোৱা সকলৰ পুনৰ সংস্থাপনৰ বাবেও চৰকাৰে চিন্তা-চৰ্চা কৰাৰ লগতে আগন্তুক বাজেটত এইসকলৰ ভুক্তভোগীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । নামনি আৰু মধ্য অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক বুলি উল্লেখ কৰি তেওঁ কয় যে, নামনি অসমত হোৱা বিবাহৰ 40 শতাংশই বাল্যবিবাহ (Child marriage rate in Assam)।

তথ্য অনুসৰি অসমৰ 36 খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা (Child marriage statistics in Assam) । বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত 370 টা, হোজাই জিলাত 255 টা, ওদালগুৰি জিলাত 235 টা, কামৰূপ মহানগৰ জিলাত 192 টা, গোৱালপাৰা জিলাত 157 টা, বজালী জিলাত 132 টা, বাক্সা জিলাত 153 টা, বৰপেটা জিলাত 81 টা, বিশ্বনাথ জিলাত 98 টা, বঙাইগাঁও জিলাত 123 টা, কাছাৰ জিলাত 35 টা, চৰাইদেউ জিলাত 78 টা, চিৰাং জিলাত 54 টা, দৰং জিলাত 125 টা, ধেমাজি জিলাত 101 টা গোচৰ ৰুজু হৈ আছে (Child marriage in Assam) ৷

ইয়াৰোপৰি ডিব্ৰুগড় জিলাত 75 টা, ডিমা হাছাও জিলাত 24 টা, মৰিগাঁও জিলাত 224 টা, গোলাঘাট জিলাত 62 টা, যোৰহাট জিলাত 25 টা, কামৰূপ জিলাত 80 টা, কাৰ্বি আংলং জিলাত 126 টা, কৰিমগঞ্জ জিলাত 92 টা, কোকৰাঝাৰ জিলাত 204 টা, লখিমপুৰ জিলাত 32 টা, মাজুলী জিলাত 44 টা, নগাঁও জিলাত 113 টা, নলবাৰী জিলাত 171 টা, শদিয়া জিলাত 85 টা, শিৱসাগৰ জিলাত 54 টা, শোণিতপুৰ জিলাত 60 টা, দক্ষিণ শালমাৰা জিলাত 145 টা, তামুলপুৰ জিলাত 110 টা, তিনিচুকীয়া জিলাত 73 টা, হামৰেণ জিলাত 15 টা আৰু হাইলাকান্দি জিলাত 1 টা গোচৰ ৰুজু হৈছে (Child marriage cases in Assam) ।

লগতে পঢ়ক: Operation against Child marriage: হোজাইত বাল্যবিবাহকাৰী স্বামীক ধৰিবলৈ প্ৰশাসন সাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.