ETV Bharat / state

হৃদয়বিদাৰক: গৰাখহনীয়াত উটি গ’ল ১৫ টা পৰিয়ালৰ বাসগৃহ

author img

By

Published : Jun 29, 2022, 11:37 AM IST

বানৰ সমান্তৰালকৈ ঠায়ে ঠায়ে গৰাখহনীয়াৰ তাণ্ডৱ (Erosion in Baghbor)৷ বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰা গাঁৱৰ ৫ নং ছীটত ভেলেঙী নৈয়ে ধাৰণ কৰিছে কালৰূপ ৷ নৈৰ গৰাখহনীয়াত পলকতে নিজৰ ঘৰ-বাৰী হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে প্ৰতিগৰাকী ব্যক্তি (Many families lost their homes in erosion in Jania)৷

erosion-in-jania
হৃদয়বিদাৰক: গৰাখহনীয়াত উটি গ’ল ১৫ টা পৰিয়ালৰ বাসগৃহ

জনীয়া, 29 জুন: এক হৃদয়বিদাৰক ঘটনা ৷ ভেলেঙী নৈয়ে ধাৰণ কৰা কালৰূপত এতিয়া ত্ৰাহি মধুসূদন দেখিছে নৈ পৰীয়া ৰাইজে । নৈৰ গৰাখহনীয়াত চকুৰ পলকতে নিজৰ ঘৰ-বাৰী হেৰুৱাই কান্দোনত ভাগি পৰিল এটা পৰিয়াল (Many families lost their homes in erosion in Jania)৷ চকুৰ আগতেই চপৰা চপৰে খহি পৰিল আটোম-টোকাৰিকৈ নিৰ্মাণ কৰা নিজৰ আপোন ঘৰখন । ৮০ উৰ্ধৰ এগৰাকী আইতাৰ লগতে তেওঁৰ নাতিনীয়েকে কান্দি কান্দি বৰ্ণনা কৰিলে তেওঁলোকৰ দুৰ্দশাৰ কথা । এতিয়া তেওঁলোক কত থাকিব, কি খাব, কলৈ যাব- এনে বিভিন্ন চিন্তাৰে এতিয়া কান্দোনত ভাগি পৰাৰ লগতে চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে ।

বানৰ সমান্তৰালকৈ সৃষ্ট গৰাখহনীয়াৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে (Erosion in Assam) ৷ ঠায়ে ঠায়ে নৈৰ গঢ়াখহনীয়াই উটুৱাই নিছে বহু পৰিয়ালৰ ঘৰ-বাৰী তথা সা-সম্পত্তি ৷ ৰাজ্যত হৈ থকা প্ৰবল বানৰ সমান্তৰালকৈ ভেলেঙী নৈতো দেখিবলৈ পোৱা গৈছে বান-গৰাখহনীয়া । বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰা গাঁৱৰ ৫ নং ছীটত নৈখনে ধাৰণ কৰিছে কালৰূপ ৷

বিগত দহ দিনত ১৫ টা পৰিয়ালৰ গৃহ ভেলেঙী নৈৰ প্ৰৱল গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ মঙলবাৰে সন্ধিয়া খহনীয়াৰ কৱলত পৰে তাৰা মিঞা নামৰ ব্যক্তিজনৰ ঘৰৰ ভেটি । কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত ঘৰৰ আঁচবাব পত্ৰ সমূহ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হ’ল বচাব নোৱাৰিলে ঘৰখন ৷ এতিয়া তেওঁলোকে ক’ত আশ্ৰয় ল’ব, কি খাব সেই কথা ভাবিয়ে উপায়হীন হৈ কান্দোনত ভাগি পৰিছে পৰিয়ালটো ৷

উল্লেখ্য যে, গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বৰপেটাৰ সাংসদ আব্দুল খালেক তথা স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদৰ লগতে বৰপেটা জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ভেলেঙী নৈৰ গৰাখহনীয়া প্ৰতিৰোধ তথা নৈৰ ভয়াৱহ সংহাৰৰ পৰা নৈ পৰীয়াবাসীক উদ্ধাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ আব্দুল খালেক আৰু স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক আহ্বান জনাইছে ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: খহনীয়াৰ কৱলত মাণিকপুৰৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানি পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.