বৰপেটা,১০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি অব্য়াহত তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সোমবাৰে বৰপেটাত নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ দাখিল কৰে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত নিজৰ স্থিতিত অটল থকা বিধায়ক তালুকদাৰে অভিযোগ পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কেতবোৰ বিস্ফোৰক মন্তব্য ।
বিধায়কগৰাকীয়ে কয় যে, এয়া সমষ্টি পুনৰ নিৰ্ধাৰণ নহয় ৷ এয়া এখন ৰাজনৈতিক যুঁজ আৰু এই ৰাজনৈতিক যুঁজখন ২০২৪ লৈকে চলাই নিয়াৰ পণ লৈছে ৰাজ্যৰ ১১ বিৰোধী দলে ৷ বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ত অভিযোগ পত্ৰ দাখিল কৰি সৰভোগৰ চিপিআই এম বিধায়কগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীক ভাগ ভাগ কৰাৰ চক্ৰান্তৰো অভিযোগ উত্থাপন কৰে ৷
২০২৪ চনৰ নিৰ্বাচনকলৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই অপকৰ্ম কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, তিনিজন মানুহৰ জৰিয়তে খচৰা প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীয়ে অসমক থান-বান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে এই যুঁজখন ১১ বিৰোধী দলে ২৪ লৈকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বদ্ধপৰিকৰ বুলি চিপিআইএম বিধায়ক মনোৰঞ্জন তালুকদাৰ মন্তব্য কৰে ৷
১০২ টা সমষ্টিত খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰি থকা দাবীক লৈয়ো প্ৰশ্ন উত্থাপন কৰে সৰভোগৰ বিধায়কগৰাকীয়ে ৷ সৰভোগৰ বিধায়কৰ প্ৰশ্ন কৰে যে কোন খিলঞ্জীয়া ! খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ হৈছে নেকি ! খিলঞ্জীয়াৰ স্বাৰ্থই যদি ৰক্ষা হয় তেন্তে মানুহ কিয় ৰাজপথলৈ ওলাই আহিছে বুলিও প্ৰশ্ন কৰে চিপিআইএমৰ বিধায়কগৰাকীয়ে ৷
তেওঁলোকৰ খিলঞ্জীয়াৰ তত্ব হিন্দুত্ব ৷ তেওঁলোকে হিন্দুত্বৰ তত্বকে খিলঞ্জীয়া বুলি কৈছে ৷ অসমৰ প্ৰকৃত খিলঞ্জীয়াৰ বিষয়টো অন্তৰ্ভূক্ত নকৰি তেওঁলোকে বাগি মাৰি আঁতৰি যাব বিচাৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নাভূত নাশ্ৰুতভাৱে কোনো নীতি নথকাকৈয়ে অসমক A,B,C হিচাপে তিনিটা ভাগত ভাগ কৰিছে ৷
য'ত জনসংখ্যা অধিক তাত সমষ্টি কমাইছে আৰু যিবোৰ জিলাত জনসংখ্যা কম তাত সমষ্টি বঢ়াইছে ৷ কাশ্মীৰৰ দৰে অসমতো তেওঁলোকে এই কামটো কৰিব বিচাৰিছে আৰু ফলত মানুহৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ যাৰবাবে তেওঁলোকে এই খচৰাৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি মতপোষণ কৰে বিধায়কগৰাকীয়ে । নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত বিধায়ক মনোৰঞ্জন তালুকদাৰে স্বাধীনতা সংগ্ৰামত সৰভোগৰ অৱদান, মহাত্মা গান্ধীৰ চাৰিবাৰকৈ সৰভোগত পদাৰ্পণ আদি সৰভোগৰ ঐতিহ্যৰ কথা বিবেচনা কৰি সমষ্টিৰ নাম সৰভোগ অথবা বৰনগৰ কৰাৰ দাবী তোলে ৷
লগতে পঢ়ক: Manjit Mahanta Funeral : নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন মনজিৎ মহন্তৰ