নিউজ ডেস্ক, 30 জুলাই : পুনৰবাৰে ভয়াৱহ এম্বুশ্বৰ সন্মুখীন আছাম ৰাইফলছৰ তহলদাৰী দল ৷ বুধবাৰে ৰাতিপুৱাৰ ভাগত মণিপুৰৰ চান্দেল জিলাত 4ৰ্থ আছাম ৰাইফলছৰ ওপৰত সংঘটিত হয় এক ভয়াৱহ এম্বুশ্ব ৷ পিপুলছ লিবাৰেশ্বন আৰ্মী মণিপুৰে এই ঘটনা সংঘটিত কৰে বুলি নিৰাপত্তা বাহিনীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷
![মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8231873_image_1.jpg)
পিএলএ(এম)ৰ এই আক্ৰমণত অসমৰ পাঠশালাৰ বাসিন্দা এগৰাকী ৰাইফলমেনকে ধৰি মুঠ 3 গৰাকী ৰাইফলমেন শ্বহীদ হয় ৷ শ্বহীদ হোৱা ৰাইফলমেনকেইগৰাকী, হাবিলদাৰ প্ৰনয় কলিতা (অসম), ৰাইফলমেন মেথনা কন্যাক (নাগালেণ্ড) আৰু ৰাইফলমেন ৰতন চালাম (মণিপুৰ) বুলি জানিব পৰা গৈছে ৷
![মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8231873_image_4.jpg)
আনহাতে আঘাতপ্ৰাপ্তসকলৰ ভিতৰত, সেনাৰ ডোগ্ৰা ৰেজিমেন্টৰ নায়ক সিকন্দৰ সিং আৰু চতুৰ্থ আছাম ৰাইফলছৰ চুবেদাৰ নুলখটিল হাওকিপ, হাবিলদাৰ নিতুল শৰ্মা, ৰাইফলমেন সন্দীপ কুমাৰ আৰু ৰাইফলমেন অনিশ কুমাৰ সিং বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত আটাইকেইগৰাকীকে ইম্ফলৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যদিও তেওঁলোকৰো অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে ৷
![মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8231873_image_2.jpg)
চান্দেল জিলাৰ খংটালত প্ৰথমে সেনা আৰু আছাম ৰাইফলছৰ 15 জনীয়া এটা তহলদাৰী দলে কৰ্তব্য সমাপন কৰি নিজৰ চাউনীলৈ বুলি আহি থকা অৱস্থাতে এই এম্বুশ্বৰ বলি হয় ৷ বিদ্ৰোহীৰ দলটোৱে এক আইইডি বিস্ফোৰণ ঘটাই আৰু পৰৱৰ্তী সময়ত অটোমেটিক অস্ত্ৰৰে দলটোৰ ওপৰত ধাৰাৱাহিকভাৱে নিৰ্বিচাৰ গুলীচালনা সংঘটিত কৰে ৷ গুলীচালনাৰ ফলতে ঘটনাস্থলীতে শ্বহীদ হয় আছাম ৰাইফলছৰ তিনিওগৰাকী ৰাইফলমেন ৷
ইতিমধ্যে সেনা আৰু আছাম ৰাইফলছৰ দলে উক্ত অঞ্চলটোত বিদ্ৰোহীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷
![মণিপুৰত আছাম ৰাইফলছৰ ওপৰত ভয়াৱহ এম্বুশ্ব](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8231873_image_3.jpg)
উল্লেখ্য যে, এই আক্ৰমণত শ্বহীদ হোৱা ৰাইফলমেন হাবিলদাৰ প্ৰণয় কলিতা বজালী মহকুমাৰ পাটাছাৰকুছি থানাৰ অধীনস্থ ঘটবৰ গাঁৱৰ হৰিপ্ৰসাদ কলিতা আৰু কল্যানী কলিতাৰ পুত্ৰ আছিল ৷ 2001 চনত আছাম ৰাইফলছত যোগদান কৰা প্ৰণয় কলিতা এগৰাকী সুদক্ষ খেলুৱৈ তথা এক অমায়িক ব্যক্তিত্বৰ অধিকাৰী আছিল ৷ মৃত্যুৰ সময়ত প্ৰণয় কলিতাই পিতৃ-মাতৃৰ লগতে পত্নী আৰু দুগৰাকী কন্যা সন্তানক এৰি থৈ যায় ৷ প্ৰণয় কলিতাৰ পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি, শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰ দেহ প্ৰায় দুদিন পিচত নিজৰ ঘৰত আহি উপস্থিত হ'ব ৷
মণিপুৰৰ ঘটনাত মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
মণিপুৰত সংঘটিত এম্বুশ্বৰ ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সংঘৰ্ষত নিহত প্ৰণয় কলিতাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে প্ৰণয় কলিতাৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷
আনহাতে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি পিপুলছ লিবাৰেশ্বন আৰ্মী মণিপুৰে এক বিজ্ঞপ্তি জাৰী কৰিছে ৷ আছাম ৰাইফলছৰ বিৰুদ্ধে কৰা এই এম্বুশ্বত আলফা (স্বাধীন), মণিপুৰ নাগা পিপুলছ ফ্ৰন্ট, ৰিভলুশ্বনাৰী পিপুলছ ফ্ৰন্ট জড়িত আছে বুলি বিজ্ঞপ্তিটোত প্ৰকাশ কৰিছে ৷
লগতে পঢ়কঃ গয়াত তিনি নক্সাল সন্ত্ৰাসবাদীৰ আত্মসমৰ্পণ