ETV Bharat / state

কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য - অসম প্ৰদেশ শিৱ সেনা

বজালী জিলাত কন্টেইনমেণ্ট জ'নত সময় অনুসৰি খাদ্য পোৱা নাই ৰাইজে ৷ বিগত 22 মে’ৰ পৰা কন্টেইনমেন্ট জ’নত আৱদ্ধ হৈ থকা জিলাখনৰ মহাৰাণী গাঁৱৰ ৰাইজে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিত দাসক কন্টেইনমেণ্ট জ'ন পৰিদর্শনৰ আহ্বান ৰাইজে ৷

maharani people under containment zone with no food
কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য
author img

By

Published : Jun 3, 2021, 2:33 PM IST

বজালী, 3 জুন : জিলাত অব্যাহত আছে কৰণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ । উল্লেখযোগ্য যে, বিগত ২২মে' তাৰিখে জিলা প্ৰশাসনে কন্টেইনমেণ্ট জ'ন ঘোষণা কৰিছিল জিলাখনৰ মহাৰাণী গাঁও ৷ ইয়াৰ পিছতে এতিয়া তীব্ৰ খাদ্য সংকটত ভুগিছে গাঁওবাসী ।

মন কৰিব লগীয়া যে, বৰ্তমানলৈকে জিলা প্ৰশাসনে গাঁওখনত এবাৰ ৰেচন যোগান ধৰিছে যদিও গাঁওবাসীৰ বাবে পৰ্যাপ্ত নহয় সেই সামগ্ৰী । ২০ গৰাকীকৈ ব্যক্তি ক'ভিড আক্ৰান্ত হৈ থকা সময়ত গাঁওখনত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ঔষধৰ যোগান ধৰিছে যদিও কন্টেইনমেণ্ট জ'ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত কোনো লোকেই ওলাব নোৱাৰাত খাদ্য সংকটত ভুগিছে ৰাইজ ৷

কন্টেইনমেন্ট জ’নত আৱদ্ধ মহাৰাণী বাসীয়ে পোৱা নাই পৰ্যাপ্ত খাদ্য

ইফালে, বুধবাৰে অসম প্ৰদেশ শিৱ সেনাৰ আহ্বায়ক তথা সমাজকৰ্মী অশ্বিনী কুমাৰ দাসে গাঁওখনত ৩৫টা পৰিয়ালক খাদ্য সামগ্ৰী, চাবোন ইত্যাদিৰ টোপোলাৰে সাহায্য সামগ্ৰী প্ৰদান কৰে । আনহাতে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিত কুমাৰ দাসক মহাৰাণী গাঁৱৰ এই কন্টেইনমেণ্ট জ'ন পৰিদৰ্শন কৰাৰ বাবে আহ্বান জনায় গাঁওবাসীয়ে ।

লগতে পঢ়ক: লকডাউনে এতিয়া বিপাঙত পেলাইছে ধিঙৰ খেতিয়কক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.