ETV Bharat / state

সৰভোগৰ ম’হৰ এঠা দৈ অবিহনে এইবাৰ ৰঙালী বিহু.... - সৰভোগৰ ম’হৰ এঠা দৈ অবিহনে এইবাৰ ৰঙালী বিহু....

পুনৰ আহিল অসমীয়াৰ প্ৰাণৰ উছৱ ব'হাগ বিহু ৷ বিহু বুলিলে মনলৈ আহে সৰভোগৰ এঠা দৈৰ কথা ৷ বিহুৰ সময়ত সৰভোগৰ ম’হৰ এঠা দৈ নহ’লে নচলে বহাগৰ জলপান ৷ পিছে লক ডাউনৰ বাবে এইবাৰ দুগ্ধনগৰী সৰভোগত নাই পূৰ্বৰ দৰে বিহুৰ উলাহ ৷

Lock down effect on Curd market
সৰভোগৰ ম’হৰ এঠা দৈ অবিহনে এইবাৰ ৰঙালী বিহু....
author img

By

Published : Apr 13, 2020, 4:34 PM IST

বৰপেটা,১৪ এপ্ৰিলঃ ৰাজ্যত স্তিমিত ৰঙালীৰ উছাহ ৷ লক ডাউনৰ বাবে ঘৰতে আবদ্ধ ৰাজ্যবাসী ৷ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকল ৷ পূৰ্বৰ দৰে এইবেলিৰ বিহুত নাই দুগ্ধনগৰীখনৰ ম’হৰ দৈৰ ব্যৱসায় ৷ স্থানীয় ম’হৰ বাথানসমূহৰ পৰাও গাখীৰ অহা বন্ধ হৈ পৰিছে ৷ ব্যাপক ক্ষতিৰ সন্মুখীন হোৱা ব্যৱসায়ীসকলে বিহু বুলি অলপ অচৰপ গাখীৰ জমাইছিল যদিও আৰক্ষীয়ে বন্ধ ৰাখিছে দৈ বা গাখীৰৰ বিক্ৰী ৷

চৰকাৰক আহ্বান

ইপিনে বিহুৰ পূৰ্বে ৰাজ্যত সুৰাৰ বিপণীসমূহ মুকলিৰ নিৰ্দেশ দিয়াৰ পিছত দৈ বিক্ৰীৰ ক্ষেত্ৰত অনুমতি দিয়া নাই প্ৰশাসনে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰে একাংশই ৷ লগতে সৰভোগৰ দৈ বিক্ৰীৰ অনুমতি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে স্থানীয় দুগ্ধ ব্যৱসায়ীসকলে ৷

দৈ ব্যৱসায়ী লোকচানৰ সন্মুখীন

লগতে চাওকঃ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্টুপীয়াকৈ পতাকা উত্তোলন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.