কলগাছিয়া, 20 ছেপ্তেম্বৰ : কলগাছিয়াৰ চেনিমাৰি গাঁৱত অবৈধ মদ ব্যৱসায়িক ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ছয়ফুল ইছলাম নামৰ অবৈধ মদৰ বেপাৰীজনক ৰাইজে হাতে লোটে ধৰা পেলায় । চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই মদ, ভাঙ, ডেনড্ৰাইড জুৱা-তীৰ খেল আদিকে ধৰি বিভিন্ন অনৈতিক কাৰ্য চলি অহা বুলি উল্লেখ কৰিছে ৰাইজে । ইয়াৰ পূৰ্বে ৰাইজে এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে কলগাছিয়া আৰু বৰভিটা আৰক্ষী চকীক অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা ৰাইজে কোনো ধৰণৰ ইতিবাচক সহাৰি পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাইজে মদ ধৰি আৰক্ষীৰ হাতত গতাই দিছিল যদিও আৰক্ষীয়ে মদ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ।
কলগাছিয়াত আটক অবৈধ মদ ব্যৱসায়ী - অবৈধ মদ ব্যৱসায়ি
অবৈধ মদ ব্যৱসায়িক ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই অব্যাহত আছে মদ, গাঞ্জা, ডেনড্ৰাইড জুৱা-তীৰ খেলৰ বেহা ৷
কলগাছিয়া, 20 ছেপ্তেম্বৰ : কলগাছিয়াৰ চেনিমাৰি গাঁৱত অবৈধ মদ ব্যৱসায়িক ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ছয়ফুল ইছলাম নামৰ অবৈধ মদৰ বেপাৰীজনক ৰাইজে হাতে লোটে ধৰা পেলায় । চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই মদ, ভাঙ, ডেনড্ৰাইড জুৱা-তীৰ খেল আদিকে ধৰি বিভিন্ন অনৈতিক কাৰ্য চলি অহা বুলি উল্লেখ কৰিছে ৰাইজে । ইয়াৰ পূৰ্বে ৰাইজে এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে কলগাছিয়া আৰু বৰভিটা আৰক্ষী চকীক অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা ৰাইজে কোনো ধৰণৰ ইতিবাচক সহাৰি পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাইজে মদ ধৰি আৰক্ষীৰ হাতত গতাই দিছিল যদিও আৰক্ষীয়ে মদ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ।
Anchor: পথভ্ৰষ্ঠ যুৱ সমাজ। কলগাছিয়াৰ চেনিমাৰিত চানি ধৰিছে মদ-ভাঙ ডেনড্ৰাইড আদি কৰি নানা ধৰণৰ নিচা জাতীয় দ্ৰব্যই। এই ক্ষেত্ৰত কলগাছিয়া থানাৰ অন্তৰ্ভুক্ত বৰভিটা আৰক্ষী চকীক অৱগত কৰিলেও ৰাইজে নাপায় ইতিবাচক সহাৰি।Body:slug: as_jania_20sep_kalgachia_wine_scam_vis1+byt2+pho1_story_asc10058
VO: কলগাছিয়া থানাৰ অন্তৰ্গত বৰভিটা আৰক্ষী চকীৰ অন্তৰ্ভুক্ত চেনিমাৰি গাওঁত এজন মদৰ অবৈধ ব্যবসায়িক মদ বিক্ৰী কৰি থকা অৱস্থাত ৰাইজে হাতে লুটে ধৰি আৰক্ষীক গতাই দিয়ে। চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই মদ, ভাঙ, ডেনড্ৰাইড জোঁৱা-তিৰ খেল আদিকে ধৰি বিভিন্ন অনৈতিক কাৰ্য চলি আহিছে। ইয়াৰ পূৰ্বে ৰাইজে এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে কলগাছিয়া আৰু বৰভিটা আৰক্ষী চকীক অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা ৰাইজে কোনো ধৰণৰ ইতিবাচক সহাৰি পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। ছয়ফুল ইছলাম নামৰ অবৈধ মদৰ বেপাৰী জনক ৰাইজে আজি ৰাতি হাতে লুটে ধৰা পেলায়। বগুলামাৰিৰ ছয়ফুল ইছলামে কলগাছিয়াৰ গুনিয়ালগুৰিৰ পৰা মদ লৈ গৈ থকা অৱস্থাতে চেনিমাৰিত ৰাইজৰ হাতত ধৰা পৰে। এনে কাৰ্যত যুৱ সমাজ পথভ্ৰষ্ট হোৱালৈ লক্ষ্য কৰি মদ, ভাঙকে ধৰি বিভিন্ন নিচা জাতীয় বস্তু বন্ধ কৰাৰ লগতে এনে অনৈতিক কাৰ্যৰ লগত জড়িত থকাৰ বাবে উচিত শাস্তি কামনা কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাইজে মদ ধৰি আৰক্ষীৰ হাতত গতাই দিছিল যদিও আৰক্ষীয়ে মদ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।Conclusion:slug: as_jania_20sep_kalgachia_wine_scam_vis1+byt2+pho1_story_asc10058
Byte: সচেতন ৰাইজৰ মন্তব্য।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।