ETV Bharat / state

সত্ৰনগৰী বৰপেটাত সুৰাৰ অবৈধ বেহা

author img

By

Published : May 23, 2021, 8:41 PM IST

দ্বিতীয় বৈকুন্ঠপুৰী হিচাপে খ্যাত তথা সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত গঢ়ি উঠিছে সুৰাৰ অবাধ বেহা ৷ বৰপেটা থানাৰ বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত চলা অভিযানত জব্দ প্ৰায় ৮০০ লিটাৰ চুলাই মদ ৷ এজন চুলাই ব্যৱসায়ী আটক ৷

সত্ৰনগৰী বৰপেটাত সুৰাৰ অবৈধ বেহা, জব্দ 800 লিটাৰ চুলাই মদ

বৰপেটা, ২৩ মে': বৰপেটা জিলাৰ আবকাৰী বিভাগৰ অকৰ্মন্যতা আৰু সুৰা ব্যৱসায়ীৰ সৈতে গঢ়ি উঠা মধুৰ সম্পৰ্কৰ বাবেই দ্বিতীয় বৈকুন্ঠপুৰী হিচাপে খ্যাত সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত গঢ়ি উঠিছে সুৰাৰ অবাধ বেহা ৷ আবকাৰী বিভাগৰ অকৰ্মন্যতা আৰু উদাসীনতাত অতিষ্ঠ হৈ অৱশেষত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে নামি পৰিছে বৰপেটা আৰক্ষী ৷

শনিবাৰে বৰপেটা আৰক্ষীয়ে অভিযান চলাই ১ হাজাৰ লিটাৰ চুলাই জব্দ কৰাৰ পাচতে দেওবাৰে পুনৰ ৮০০ লিটাৰ চুলাই মদ জব্দ কৰে ৷ বৰপেটা নগৰ আৰক্ষীয়ে এখন টেম্প' ভানযোগে বৰপেটাৰ নগাঁৱৰ পৰা চুলাই কঢ়িয়াই অনাৰ খবৰ লাভ কৰিছিল ৷

ইয়াৰ পাচতে বৰপেটা থানাৰ বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত চলা এক অভিযানত ৫ টা বস্তাত ভৰাই অনা প্ৰায় ৮০০ লিটাৰ চুলাই জব্দ কৰাৰ লগতে এজন চুলাই ব্যৱসায়ীক আটক কৰে ৷ আনহাতে সুৰা সৰবৰাহত ব্যৱহৃত এএছ- ২৫চি- ৫৯৪৫ নম্বৰৰ অটো ভানখনো জব্দ কৰে আৰক্ষীয়ে ৷

উল্লেখ্য যে, আবকাৰী বিভাগক মেনেজ কৰি একাংশ সুৰা ব্যৱসায়ীয়ে সত্ৰনগৰী বৰপেটাত মুকলিকৈ সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ লগতে এই কাৰ্যই সত্ৰনগৰীৰ ৰাইজক ক্ষুন্ন কৰি তুলিছে ৷

অন্য এক অভিযানত বৰপেটা আৰক্ষীয়ে দেওবাৰে সঞ্জয় দাস নামৰ এটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ বৰপেটাত সংঘটিত এটা চুৰিৰ ঘটনাৰ আঁত ধৰি চোৰটোক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷ আৰক্ষীয়ে অভিযান চলাই চোৰটোক কৰায়ত্ব কৰাৰ লগতে চোৰটোৰ জিম্মাৰ পৰা এটা কৃষ্ণমূৰ্তি, তিনিটাকৈ চুৰি ম'বাইল ফোন, দুখন চুৰি চাইকেল আদিকে ধৰি বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বাক্সাৰ তামুলপুৰত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.