বৰপেটা, 15 মাৰ্চ: বৰপেটা জিলাৰ মাজদিয়া আৰক্ষীয়ে দেওবাৰে নিশা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই গাদেশালী গাঁৱৰ ভূপেন দেউৰীৰ ঘৰত অবৈধ ভাৱে মজুত ৰখা 65 টা দেশীয় আৰু বিলাতী সুৰাৰ বটল জব্দ কৰে ৷

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰু সহ উপ পৰিদৰ্শক পবিত্ৰ কলিতা, কনিষ্টবল সঞ্জয় দাসৰ সহযোগত যোৱা এটি আৰক্ষীৰ দলে অবৈধ সুৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।
আৰক্ষী অহাৰ উমান পাই ভূপেন দেউৰী পলায়ন কৰে বুলি জানিব পৰা গৈছে । ভূপেন দেউৰীৰ বিৰুদ্ধে অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে তেঁওৰ ঘৰত এই বৃহৎ পৰিমাণৰ সুৰা উদ্ধাৰ হোৱাৰ পাছত দেউৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ৷
লগতে পঢ়ক: চিৰাঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ