ETV Bharat / state

কলগাছিয়াত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ - Liqueur seized at Kalgasia

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাসৰ নেতৃত্বত চলা অভিযানত কলগাছিয়াত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷ আটক অবৈধ সুৰাৰ ব্য়ৱসায়ী ৷

liqueur-seized-at-kalgasia
কলগাছিয়াত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ
author img

By

Published : Jun 11, 2021, 10:46 AM IST

বৰপেটা, 11 জুন : কৰ'ণা সংহাৰৰ মাজতে ৰাজ্যত অধিক তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ ড্ৰাগছ আৰু অবৈধ সুৰা বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে বৃহৎ পৰিমানৰ ড্ৰাগছ, সুৰা আৰু গাঞ্জা জব্দ হোৱা ঘটনাই ৰাজ্যত খলকনি সৃষ্টি কৰি কৰাৰ মাজতে বৰপেটাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

কলগাছিয়াত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ

জিলাখনৰ বৃহত্তৰ কলগাছিয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা অবাধে সুৰাৰ ব্যৱসায় চলি থকাত বৃহস্পতিবাৰে কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই কলগাছিয়া সাপ্তাহিক বজাৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে ৷ লগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবানন্দ দাসৰ নেতৃত্বত চলা উক্ত অভিযানত খাইৰুল ইছলাম নামৰ এজন সুৰাৰ ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷

উল্লেখ্য় যে, কলগাছিয়াত দীৰ্ঘ দিনৰ পৰা চলি থকা অবৈধ মদ, জুৱা, ভাং আদিৰ ব্যৱসায়ৰ ফলত যুৱ সমাজ ধ্বংসৰ পথলৈ গতি কৰিছে বুলি স্থানীয় সচেতন মহলে আশংকা কৰিছে ৷ ফলত শীঘ্ৰে বৃহৎ অভিযান চলাই মদ জুৱাৰ লগত জড়িত থকা ৰাঘবৰালি সমূহক কৰায়ত্ব কৰি সমাজ খনক ৰক্ষা কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে ৷

লগতে পঢ়কঃ নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.