ETV Bharat / state

Barpeta Satra: অক্ষত বৰপেটা জিলাত ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সত্ৰৰ দালানত বন্তি প্ৰজ্বলন - Barpeta District divide row

দেওবাৰৰ পৰা বৰপেটা সত্ৰত আৰম্ভ হোৱা শ্ৰীমন্ত শংকৰদেৱৰ আৰ্বিভাৱ মহোৎসৱৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সোমবাৰে অন্ত পৰে ৷ জগত গুৰুজনাৰ জন্মোৎসৱৰ অন্তিম দিনা বৰপেটাবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত সোমবাৰে বৰপেটা সত্ৰৰ দালানত প্ৰজ্বলন কৰা হয় বন্তি ৷

Lighting a lamp at Barpeta Satra
বৰপেটা সত্ৰৰ দালানত বন্তি প্ৰজ্বলন
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 9:30 AM IST

বৰপেটা সত্ৰৰ দালানত বন্তি প্ৰজ্বলন

বৰপেটা, 26 ছেপ্টেম্বৰ : বৰপেটাবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তথা চৰকাৰৰ পৰা ইতিবাচক ফল লাভৰ প্ৰাৰ্থনাৰে বৰপেটা সত্ৰৰ দালানত প্ৰজ্বলিত হ'ল বন্তি ৷ বৰপেটা জিলা কৰ্তন বন্ধ কৰি বৰপেটাৰ পূৰ্বৰ সীমা সুৰক্ষিত ৰখাৰ বাবে ভগৱন্তৰ আশিস প্ৰাৰ্থনাৰে বৰপেটা সত্ৰৰ আই, বাপ-বান্ধৱসকলে সোমবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে ৷

সোমবাৰে ওৰেটো দিন উপবাসে থকা সত্ৰৰ আই, বাপ-বান্ধৱ, ভকতসকলে সন্ধিয়া পৰত টুপৰ চোতালত সমবেত হৈ গুৰুদুজনাৰ আশিস প্ৰাৰ্থনাৰে আৰু জিলাবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বন্তি প্ৰজ্বলন কৰে ৷ বৰপেটা জিলাৰ হাউলী, সৰভোগ, বৰপেটাৰোড অঞ্চল কৰ্তন কৰি বজালী জিলাত অন্তৰ্ভুক্তিৰ বাবে লোৱা চৰকাৰী সিদ্ধান্তত মৰ্মাহত সত্ৰনগৰী বৰপেটাবাসীৰ এনে আধ্যাত্মিক কাৰ্যসূচীয়ে নিশ্চিতভাৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশাবাদী সত্ৰনগৰীৰ ৰাইজ ৷

বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশ লৈ বৰপেটাবাসীৰ লগতে সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, আধ্যাত্মিক ভাৱনাৰে যাতে সমগ্ৰ জিলাবাসী অক্ষুণ্ণ আৰু একত্ৰিত হৈ থাকিব পাৰে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

Lighting a lamp at Barpeta Satra
বৰপেটা সত্ৰৰ দালানত বন্তি প্ৰজ্বলন

লগতে পঢ়ক : Jitendra Nath Pradhani at Barpeta Satra: বৰপেটা জিলাক অংগক্ষত কৰিলে বৰপেটা সত্ৰৰ ভৱিষ্যত অন্ধকাৰ: অসম সত্ৰ মহাসভা

সোমবাৰে বৰপেটা সত্ৰৰ দালানৰ লগতে তিনি বাটচ’ৰা আৰু সত্ৰনগৰী বৰপেটাবাসীয়ে নিজ ঘৰৰ পদুলি, ব্যৱসায় প্ৰতিষ্ঠান আদিতো বন্তি প্ৰজ্বলন কৰে ৷ জিলাৰ অংগ কৰ্তনৰ বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে বৰপেটা সত্ৰৰ এই অনুষ্ঠানৰ প্ৰতি চৰকাৰে কিদৰে সহযোগ আগবঢ়ায় সেয়াহে হ’ব লক্ষ্যণীয় ৷

উল্লেখ্য যে, দেওবাৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হয় শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আৰ্বিভাৱ মহোৎসৱ ৷ এই মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটা সত্ৰতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ৷

লগতে পঢ়ক : Srimanta Sankardeva 575th birth anniversary: শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.