জনিয়া, 25 জানুৱাৰী : সোমবাৰে কলগাছিয়াত উদ্বোধন কৰা হয় আইনী সেৱা কেন্দ্ৰৰ এটা অস্থায়ী কাৰ্যালয় ৷ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এআইইউডিএফ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঠাকুৰ চন্দ্ৰ মেধিৰ সভাপতিত্বত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰা হয় । এই সভাখনৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনিয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে শাসকীয় বিজেপি চৰকাৰৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ বিধায়ক গৰাকীয়ে কয়, বৰপেটা টাউনৰ বহু মানুহে বৰপেটাৰ সত্ৰ আৰু নামঘৰৰ মাটি বেদখল কৰি ডাঙৰ ডাঙৰ অট্টালিকা সাজিছে । কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিমাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বেদখল হোৱা এইসমূহ ভূমি বেদখল মুক্ত কৰি বৰপেটাৰ সত্ৰ উভটাই দিবলৈ সাহস নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মইনবড়ী সত্ৰ যেতিয়া নদীৰ গৰাখহনীয়াত জাহ গৈছিল তেতিয়া সত্ৰৰ মনিকুট মুছলমানৰ চোতালত ৰাখি বন্তি গছ চিৰদিন জ্বলাই ৰাখিবলৈ মুছলমানে তেলৰ যোগান ধৰিছিল। কিন্তু এআইইউডিএফ-কংগ্ৰেছ তথা মহাজোঁটৰ চৰকাৰ আহিলে হিন্দু মানুহে মন্দিৰলৈ যাব পাৰিবনে বুলি প্ৰশ্ন কৰাটো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভণ্ডামি বুলি কয় বিধায়ক গৰাকীয়ে ৷
আনহাতে ঠাকুৰ চন্দ্ৰ মেধিক এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক দলত কিয় আছে বুলি সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, চোৰেহে চোৰ দেখে । এআইইউডিএফৰ নাম আৰু কামত কতো সাম্প্ৰদায়িকতা নাই । এআইইউডিএফৰ পৰা প্ৰতি বছৰেই নেতা দিছপুৰলৈ গৈ আছে । ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পাছতহে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুশ কিলোমিটাৰ আঁতৰত থাকিব লাগিব বুলি এক মন্তব্য কৰে ঠাকুৰ চন্দ্ৰ মেধিয়ে।
লগতে পঢ়ক-যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ