ETV Bharat / state

Manipur Crisis: মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা দাবী কেইবাটও বামপন্থী সংগঠনৰ

author img

By

Published : Jul 25, 2023, 4:42 PM IST

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে ষড়যন্ত্ৰৰ সৃষ্টি কৰিছে । মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ জৰিয়তে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ দাবী। অন্যথা মণিপুৰৰ অশান্তিয়ে গোটেই উত্তৰ-পূৰ্বাঞ্চলত এটা সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাব বুলি মন্তব্য অসম ৰাজ্যিক কৃষক সভাৰ ।

Manipur Crisis
Manipur Crisis
মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী

জনিয়া, 25 জুলাই: মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত বিজেপি চৰকাৰৰ চৰম ব্যৰ্থতাক ধিক্কাৰ জনাই আৰু শান্তি প্ৰতিষ্ঠাৰ দাবীত ‘মণিপুৰ সংহতি দিৱস’ উপলক্ষে কলগাছিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ CITU, অসম ৰাজ্যিক কৃষক সভা, এছ এফ আই (SFI), অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু ডি ৱাই এফ আইৰ (DYFI) যৌথ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

উল্লেখ্য যে আজি ৰাজ্যজুৰি মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীৰে পালন কৰা হৈছে ‘মণিপুৰ সংহতি দিৱস’ ৷ কলগাছিয়াত প্ৰায় শতাধিক লোকে অশান্ত মণিপুৰৰ জাতিগত হিংসা বন্ধ কৰা, নাৰী নিৰ্যাতন বন্ধ কৰা আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে কলগাছিয়া চাৰিআলিৰ পৰা প্ৰতিবাদী সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

স্মৰ্তব্য যে প্ৰায় তিনিমাহ ধৰি মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত গোষ্ঠীগত সংঘৰ্ষ অব্যাহত আছে ৷ কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি আহিছে চৰকাৰে ৷ শেহতীয়াকৈ দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি ৰাজপথত সমদল উলিওৱা ঘটনাই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য ৷

এনে ধৰণৰ ঘটনাই সমগ্ৰ মানৱ সমাজক লজ্জিত কৰিছে বুলি উল্লেখ কৰি ঘটনাত নিন্দা জনাইছে প্ৰতিবাদী দল-সংগঠনকেইটাই ৷ লগতে মণিপুৰৰ চৰকাৰক শীঘ্ৰেই পৰিস্থিতি স্বাভাৱিক অৱস্থাই ঘূৰাই আনিবলৈ দাবী জনায় ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘৃণনীয় ৰাজনীতি কৰাৰো অভিযোগ উত্থাপন কৰি সেই ৰাজনীতিত ভৰি নিদিবলৈ সকলোকে আহ্বান জনায় ৷ মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰো দাবী সংগঠনকেইটাৰ ৷

লগতে পঢ়ক: Manipur video case : মণিপুৰৰ বিষয়ক লৈ পাঞ্জাৱত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.