বৰপেটা,৭ মে': উত্তৰ প্ৰদেশৰ মথুৰাত স্থাপন হব নামঘৰ(Namghar in Mathura Uttar Pradesh) ৷ শুকুৰবাৰে স্থাপন হ'ল নামঘৰটিৰ আধাৰশিলা । শ্ৰীশ্ৰী শংকৰদেৱ-মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ উদ্যোগত উত্তৰ প্ৰদেশৰ মথুৰাত গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰটি স্থাপন কৰাৰ দিহা কৰা হৈছে । ন্যাসৰ কৰ্মকৰ্তাৰ লগতে কেবাজনো ভকত বৈষ্ণৱৰ উপস্থিতিত হৰিনামৰ ধ্বনিৰে নামঘৰটোৰ আধাৰশিলা স্থাপন কৰে(Foundation stone of Namghar laid at Mathura in Uttar Pradesh) ।
আধাৰশিলা স্থাপন কৰে শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱ গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি উদ্ধৱ পাঠকে ৷ ১৪,৪০০ ফুট বৰ্গভূমিত প্ৰতিষ্ঠা কৰিবলৈ লোৱা নামঘৰটোত অতিথিশালা, তোৰণ, স্থায়ী মঞ্চ, বৈষ্ণৱ সাহিত্যৰ পুথিভৰাল, অসমৰ জাতি জনগোষ্ঠীয় সমলেৰে সংগ্ৰহালয় আদি নিৰ্মাণ কৰা হব ৷
প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা মথুৰাৰ নামঘৰ স্থাপনৰ আধাৰশিলা অনুষ্ঠানত ন্যাসৰ সাধাৰণ সম্পাদক জোতিৰ্ময় শৰ্ম্মা, ৰবীন্দ্ৰ নাথ দাস, কুশান চৌধুৰী কুলদানন্দ চৌধুৰী , ৰাকেশ সিং, ধনজিৎ দাসকে আদি কৰি মথুৰাৰ স্থানীয় বহুকেইগৰাকী পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে ৷
অনুষ্ঠানত অংশলোৱা স্থানীয় লোকসকলক ন্যাসৰ ফালৰ পৰা একোখনকৈ গামোছাৰে আদৰণি জনোৱা হয় ৷ শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত স্থাপন কৰিবলৈ লোৱা নামঘৰ প্ৰতিষ্ঠাৰ জৰিয়তে গুৰুজনাৰ ধৰ্ম আৰু সৃষ্টিৰাজিৰ প্ৰচাৰ তথা প্ৰসাৰৰ আশা কৰা হৈছে ৷
লগতে পঢ়ক: শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ