ETV Bharat / state

Barpeta Satra Dol Mahotsav : ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ - ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ

চাৰিদিনীয়াকৈ আয়োজিত বৰপেটা সত্ৰৰ দৌল মহোৎসৱত আৰম্ভ হৈছে ফাকুৱা উৎসৱ (Holi at Barpeta Satra)। কলীয়া গোঁসাইক দৌলগৃহৰ পৰা নমাই অনাৰ পাছতে আৰম্ভ ফাকুৱা উৎসৱ । হোলী গীতৰ সুৰত মুখৰিত সমগ্ৰ বৰপেটা সত্ৰ । বিয়লিলৈ সুৱেৰীৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে সত্ৰৰ ভকত-বৈষ্ণৱসকলে ।

Barpeta Satra Dol Mahotsav
ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ
author img

By

Published : Mar 9, 2023, 12:40 PM IST

ফাকুৱাৰ ৰঙেৰে ৰঙীণ বৰপেটা সত্ৰ

বৰপেটা, ৯ মাৰ্চ : দৌল মহোৎসৱ বুলি ক'লেই সকলোৰে মনলৈ আহে ঐতিহাসিক বৰপেটা সত্ৰৰ নাম (Holi celebration in Barpeta Satra)। প্ৰতিবছৰে ফাকুৱা বা হোলীৰ দিনকেইটাত লাখ লাখ ভক্তৰ আগমন ঘটে এই বৰপেটা সত্ৰলৈ । এইবাৰো ব্যতিক্ৰম নহয় । চাৰিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আয়োজিত দৌল মহোৎসৱৰ বৃহস্পতিবাৰে অন্তিম দিন । যাক ফাকুৱা হিচাপে পালন কৰা হৈছে ।

বৰপেটাৰ ফাকুৱা তথা হোলী উৎসৱৰ সুকীয়া আকৰ্ষণ আছে । সেইবাবে দূৰদূৰণিৰ পৰা ফাকুৱা চাবলৈ দৰ্শনাৰ্থী আহি বৰপেটাত উপস্থিত হয় । লোকে লোকাৰণ্য হৈ পৰা বৰপেটাত পুৱাৰে পৰা বিবিধ ৰঙৰ ফাকুৰে চৌদিশ ৰঙীন হৈ পৰিছে । বৰপেটাৰ প্ৰতিটো পথ উপপথো ৰঙত বুৰ গৈছে । আনহাতে বৰপেটা সত্ৰৰ চৌহদত শ শ লোক সমবেত হৈ ফাকুৱা উৎসৱত ভাগ লৈছে (Barpeta Satra Dol Mahotsav)। ইজনে সিজনৰ গালৈ বা মুখত ফাকু গুড়ি সানি আনন্দ প্ৰকাশ কৰিছে ।

পুৰুষ-মহিলাকে ধৰি সকলো বয়সৰ লোকে এই আনন্দত ভাগ লৈছে । সমান্তৰালভাৱে হোলী গীতৰ সুৰত চৌদিশ মুখৰিত হৈ পৰিছে । ইফালে নক্ষত্ৰ গণনাৰ ক্ষণ অনুসৰি পুৱতি নিশা ৪.২০ বজাত কলীয়া গোঁসাইক দৌলগৃহৰ পৰা নমাই আনি মঠৰ চোতালত ৰখা হৈছে । শ শ লোকে এই কাৰ্যসূচীত ভাগ লৈছে । গোঁসাইক দৌলগৃহৰ পৰা নমাই অনাৰ পাছৰে পৰা ফাকুৱা পালনৰ ক্ষণ আৰম্ভ হৈছে ।

নিয়ম অনুসৰি গোঁসাই দৌলত থকাৰ সময়ত মানুহে ফাকু খেলাৰ নিয়ম নাই । সেই সময়ত কেৱল ভক্তই গোঁসাইৰ গাত হে ফাকু দিব পাৰে । আনহাতে বিয়লি গোঁসাইক মঠৰ চোতালৰ পৰা গণকুছিৰ কলবাৰী সত্ৰলৈ হেকতা মাহ খুৱাবলৈ নিয়া হ'ব । তাৰ পৰা অনাৰ পাছত বৰপেটা সত্ৰৰ দালান তথা মূল বাটচ'ৰাত বাঁহ ভঙা কাৰ্যসূচী অনুষ্ঠিত হ'ব ।

চাৰি হাটীৰ ভকত বৃন্দই চাৰিডাল বাঁহ ভঙাৰ পাছত গোঁসাইক সত্ৰৰ মূল গৃহৰ চৌদিশে সাত পাক ঘূৰোৱা হ'ব । তাৰ পাছত সত্ৰীয়া নীতি নিয়মৰ মাজেৰে পুনৰ সত্ৰৰ নিৰ্দিষ্ট স্থানত গোঁসাইক অধিস্থিত কৰা হ'ব । ইয়াৰ লগে লগে দৌল মহোৎসৱৰো সামৰণি পৰিব ।

লগতে পঢ়ক :Devi Dol in crisis: বাহনে খুন্দিয়াই ভাগিলে দেৱীদৌলৰ ঐতিহাসিক গম্বুজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.