বৰপেটা, ১৪ জুনঃ দিন দুপৰতে গুৱাহাটীৰ নুনমাটিত নৃশংসতাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল ঋতুপৰ্ণ পেগুৱে । পিতৃহাৰা হ'ল ঋতুপৰ্ণ পেগুৰ নমহীয়া কণমানি সন্তান । স্বামীৰ অকাল মৃত্যুত কান্দোনত ভাঙি পৰিছে পেগুৰ পত্নী ৷
যোৱা শুকুৰবাৰে গুৱাহাটীৰ নুনমাটিত চাৰিজন লোকে দিন দুপৰতে হানি-খুচি ঋতুপৰ্ণ পেগুক হত্যা কৰা ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্য কঁপাই তুলিছে । পেগুৰ অকাল মৃত্যুত এতিয়া দুখে কুলাই পাচিয়ে নধৰা অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালটো ৷ পেগু আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷ কিন্তু পাষণ্ড কেইটাৰ প্ৰহাৰত অকাল মৃত্যু সাৱটি ল'ব লগা হোৱাত এতিয়া নমহীয়া শিশুটোৰ লগতে পত্নী গৰাকীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ পত্নী গৰাকীয়ে উপায়ন্তৰ হৈ ইতিমধ্যে চৰকাৰক পেগুৰ পত্নী গৰাকীয়ে কৰ্মসংস্থাপন তথা আৰ্থিক সাহাৰ্যৰ বাবে আকুল আহ্বান জনাইছিল ৷
এই দুখ লগা পৰিস্থিতিৰ মাজতেই ঋতুপৰ্ণ পেগুৰ কণমানি সন্তানটোৰ পঢ়া-শুনাৰ লগতে সমস্ত দায়িত্ব গ্ৰহণ কৰে নসত্ৰৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমে । কৃষ্ণগুৰু সেৱাশ্ৰমৰ আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে গ্ৰহণ কৰে এই সিদ্ধান্ত । মানৱ দৰদী গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভূৱে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে । কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু ফাউণ্ডেশ্যন ট্ৰাষ্টে ঋতুপৰ্ণ পেগুৰ কণমানি সন্তান হৰেক পেগুৰ উচ্চ শিক্ষা গ্ৰহণলৈ সমস্ত দায়িত্ব বহন কৰাৰ কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ সদস্যা কুন্তলা পাটোৱাৰী গোস্বামীয়ে ।
উল্লেখ্য যে, ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ পিছতে বিভিন্ন দল সংগঠনে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল । ইতিমধ্যে এই জঘন্য ঘটনাৰ চি বি আইক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
লগতে পঢ়ক- চৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়াল