ETV Bharat / state

অনুষ্টুপীয়া কাৰ্যসূচীৰে বৰপেটাত নন্দোৎসৱ পালন

author img

By

Published : Sep 10, 2020, 2:33 PM IST

অনুষ্টুপীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাচৰটো দিনত বৰপেটা সত্ৰত পালন কৰি অহা হৈছে নন্দোৎসৱ ৷

নন্দোৎসৱ পালন
নন্দোৎসৱ পালন

বৰপেটা, 10 ছেপ্তেম্বৰ: শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাচৰটো দিনত বৰপেটা সত্ৰত পালন কৰি অহা হৈছে নন্দোৎসৱ ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভালে 'পেকযাত্ৰা' বুলি কোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসংগত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয় ৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ গান কৰে যদিও, এইবাৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে নন্দোৎসৱৰ বহু অনুষ্ঠান স্থগিত ৰখা হৈছে ৷

অনুষ্টুপীয়া কাৰ্যসূচীৰে বৰপেটাত নন্দোৎসৱ পালন

আনহাতে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পাচত হোৱা আনন্দ উল্লাসৰ অনুকৰণেৰে বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত অনুষ্ঠিত কৰি অহা বোকা ভাওনাও স্থগিত ৰাখিবলগীয়া হয় ৷ মহামাৰী সৃষ্ট পৰিস্থিতিৰ বাবেই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰত পূৰ্বাপৰ চলি অহা সত্ৰীয়া ৰীতিৰ সমূহ মাথো আনুষ্ঠানিকতাহে ৰক্ষা কৰা হৈছে ৷ উল্লেখ্য যে, হিন্দু ধৰ্মীয় উদাৰতাক আগস্থান দি বিজ্ঞান সন্মতভাৱে সত্ৰ চৌহদত ভক্ত বৈষ্ণৱৰ উপস্থিতিও নিয়ন্ত্ৰণ কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে ৷ যাৰ বাবে গায়ন-বায়ন আৰু নাম প্ৰসংগত অতি সীমিত সংখ্যক ভকতেহে অংশগ্ৰহণ কৰে ৷ অতি কম সংখ্যক লোকৰ উপস্থিতিত সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন-বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱৰ আনুষ্ঠানিকতা ৰক্ষা কৰে ৷

বৰপেটাত নন্দোৎসৱ পালন
বৰপেটাত নন্দোৎসৱ পালন

লগতে পঢ়ক: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহা জন্মাষ্টমী পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.