ETV Bharat / state

জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

আজি আকাশে-বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া ধ্বনি ৷ কিনয়ো আজি কৃষ্ণ জন্মাষ্টমী ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে ৷

author img

By

Published : Sep 9, 2020, 7:58 AM IST

Updated : Sep 9, 2020, 6:19 PM IST

ত্ৰি-জগতৰ পতি
ত্ৰি-জগতৰ পতি

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰ: আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ৷ এই পবিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷ মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ ৷

জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

হিন্দুশাস্ত্ৰ মতে, দৈৱকীৰ ককাকয়েক কংসই আত্মীয় সকলক বন্দী কৰি আৰোহণ কৰিছিল মথুৰাৰ ৰাজ সিংহাসনত ৷ এদিনাখন কংসই আকাশবাণীযোগে জানিব পাৰে যে, তেওঁৰ ভগ্নী দৈৱকীৰ গৰ্ভত ধাৰণ কৰা অষ্টম সন্তানৰ হাততে লিখা আছে তেওঁৰ মৃত্যু ৷ তাৰ পাচতে নিজ ভগ্নী দৈৱকী আৰু তেওঁৰ স্বামী বসুদেৱক কাৰাৰুদ্ধ কৰি কংসই এটি এটিকৈ হত্যা কৰিছিল দৈৱকীৰ সন্তান সমূহক ৷ তেনেদৰেই অব্যাহত থকা কংসৰ আতিশয্যৰ মাজতে দৈৱকীয়ে গৰ্ভত ধাৰণ কৰিলে কৃষ্ণক ৷

সত্ৰনগৰী বৰপেটাত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল জন্মাষ্টমী

আবিৰ্ভাৱ হ'ল ভগৱান কৃষ্ণৰ ৷ তাৰ পাচতেই হয় এক চমৎকাৰ ৷ স্বয়ং খোল খালে কাৰাগাৰৰ দুৱাৰ ৷ সেই সুযোগতে কৃষ্ণৰ জীৱনত আহিবলগীয়া সংকটৰ প্ৰতি লক্ষ্য ৰাখি পিতৃ বসুদেৱে জন্মৰ নিশাই তেওঁক থ'লেগৈ গকুলত৷ তাৰ পাচৰ পৰাই গকুলৰ প্ৰধান নন্দ-যশোদাৰ কোলাতে পালন হৈছিল শিশু কৃষ্ণ ৷ আৰম্ভ হৈছিল মাখন চুৰিৰ দুষ্টামিৰ পৰা আদি কৰি কালীয় দমন, গোবৰ্ধন পৰ্বতক নিজ আঙুলিত লৈ সমগ্ৰ বৃন্দাৱনকে ৰক্ষা কৰালৈ শিশু কৃষ্ণৰ বহু অলৌকিক কাৰ্যকলাপ ৷

নগাঁৱতো স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে জন্মাষ্টমী

কৈ থাকিলেও ওৰকে নপৰা শিশু কৃষ্ণৰ জীৱনৰ আখ্যান বৰ্তমানেও প্ৰচলিত আমাৰ সমাজত ৷ অৱশ্যে ভিন্ন স্থানত ভিন্ন তিথি অনুসৰি জন্মাষ্টমী পালন কৰা হয় যদিও, জগত গুৰুগৰাকীৰ আখ্যানসমূহ সকলোতে একেই ৷ বিশ্ব জগতৰ ত্ৰানকৰ্তাগৰাকীৰ জন্মৰ দিনটোৰ লগত সংগতি ৰাখিয়েই যুগ যুগ ধৰি মৰ্ত্যবাসীয়ে পালন কৰি আহিছে কৃষ্ণ জন্মাষ্টমী ৷

শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰৰ লগতে মঙলদৈ সনাতন ধৰ্ম মন্দিৰতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ল জন্মাষ্টমী

অসমতো এই দিনটোৰ আছে বহু তাৎপৰ্য ৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত বহু সমাদৃত এই দিন ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত থকা বৈষ্ণৱ ধৰ্মাৱলম্বী নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানুকীৰ্তনেৰে ৷ আকাশে বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া সুৰ ৷ কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত শতকোটি নমন পৃথিৱীৰ ত্ৰাণকৰ্তা গৰাকীলৈ ৷

মৰিগাঁৱতো পালন কৰা হ'ল শ্ৰীকৃষ্ণ জন্মাষ্টমী

সত্ৰনগৰী বৰপেটাত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ল জন্মাষ্টমী ৷ কোঁচ ৰজা নৰনাৰায়ণৰ অস্থায়ী ৰাজধানী বৰনগৰৰ সৰভোগৰ ৫৫০ বছৰীয়া ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোঁসাই থানত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে যদিও, ভক্তৰ সমাগত সীমিত ৷ দৰং জিলাতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰী কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰা হৈছে ৷ দৰং জিলাৰ দেওমৰণৈ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ দেওমৰণৈ সত্ৰৰ লগতে মঙলদৈ সনাতন ধৰ্ম মন্দিৰতো অনুষ্টুপীয়াকৈ পালন কৰা হ'ল জন্মাষ্টমী ৷ কৰ'ণা সৃষ্ট পৰিৱেশৰ বাবে নগাঁৱতো স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আয়োজন কৰা হৈছে জন্মাষ্টমী ৷ জন্মাষ্টমী উপলক্ষে মৰিগাঁৱৰো ভিন্ন সত্ৰ, নামঘৰত দেখিবলৈ পোৱা গ'ল জন্মাষ্টমীৰ আয়োজন ৷ কৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত শতকোটি নমন পৃথিৱীৰ ত্ৰাণকৰ্তা গৰাকীলৈ ৷

লগতে পঢ়ক: আহিনৰ আঁচলত ধৰি ভুমুকি মাৰিছে শাৰদী ৰাণীয়ে

Last Updated : Sep 9, 2020, 6:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.