ETV Bharat / state

কোৱাৰেন্টাইন চেন্টাৰত দুৰ্নীতিৰ অভিযোগ ছাত্ৰ মুক্তিৰ - ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে

ৰাজ্যত নিৰ্মাণ কৰা কোৱাৰেন্টাইন চেন্টাৰ সমূহত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি ধন হৰলুকি কৰাৰ অভিযোগ কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ ৷ দুৰ্নীতি সন্দৰ্ভত তদন্ত বিচাৰি চৰকাৰক আহ্বান ছাত্ৰ নেতা গৰাকীৰ ৷

KMSS Press meet at kalgacia
কোৱাৰেন্টাইন চেন্টাৰত দুৰ্নীতিৰ অভিযোগ ছাত্ৰ মুক্তিৰ
author img

By

Published : Jun 1, 2020, 5:23 PM IST

জনীয়া, 1 জুন : কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰাৰ বাবে নিৰ্মাণ কৰা কোৱাৰেন্টাইন চেন্টাৰ সমূহত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ সোমাবাৰে কলগাছিয়া মহকুমাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে কোৱাৰেন্টাইন চেণ্টাৰ আৰু হোম কোৱাৰেন্টাইনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷

কোৱাৰেন্টাইন চেন্টাৰত দুৰ্নীতিৰ অভিযোগ ছাত্ৰ মুক্তিৰ

কোৱাৰেন্টাইন চেণ্টাৰত থকা প্ৰতিজন লোকৰ বাবে একোখনকৈ ফল্ডিং বিচনাৰ লগতে তুলি,বিচনা চাদৰ,এচি ব্লাঙ্কেট,উন্নত মানৰ আঁঠুৱা,ডেটল চাবোন, ছেনিটাইজাৰ,ডাষ্টবিন চাৰিটা-হালধীয়া,নীলা,ৰঙা আৰু বগা ৰঙৰ ত্ৰিপল লেয়াৰ মাস্ক প্ৰদান কৰিব লাগে যদিও সেই সমূহ সামগ্ৰী ব্যৱহাৰ নকৰাৰ অভিযোগ ছাত্ৰ নেতা গৰাকীৰ ৷

আনহাতে, খোৱাৰ ক্ষেত্ৰত ও নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ছাত্ৰ নেতা গৰাকীৰ ৷ অনতিপলমে কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হোৱা দুৰ্নীতি সন্দৰ্ভত উচিত তদন্তৰ দাবী জনাইছে সংগঠনটোৱে ৷

লগতে পঢ়ক : শিৱসাগৰত পুনৰ কোভিড ১৯ত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.