ETV Bharat / state

Kidnapped student rescued: সৰভোগত টিউচন কৰিবলৈ যোৱা ছাত্ৰক অপহৰণ

author img

By

Published : Oct 16, 2022, 9:59 PM IST

সৰভোগত টিউচন কৰিবলৈ যোৱা সময়তে নৱম শ্ৰেণীৰ ছাত্ৰক অপহৰণ । সৌভাগ্যক্ৰমে বঙাইগাঁৱত অপহৰণকাৰীৰ দলটোৰ পৰা পলায়ন কৰি ৰক্ষা পৰে ছাত্ৰজন (Kidnapped student rescued in Barpeta Road) ৷

kidnapped-student-rescued-in-barpeta-road
সৰভোগত টিউচন কৰিবলৈ যোৱা ছাত্ৰক অপহৰণ

বৰপেটাৰোড 16 অক্টোবৰ : বৰপেটাৰোডৰ সৰভোগত দেওবাৰে পুৱা সংঘটিত হয় এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড(Barpeta Road Kidnap case) । সৰভোগৰ শ্বহীদ ভৱনৰ সন্মুখৰ পৰা মাৰুতি ভেন গাড়ীৰে অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে এজন ছাত্ৰক(Student Kidnapped from Barpeta Road) । ছাত্ৰগৰাকী সৰভোগৰ ১ নং ৱাৰ্ডৰ জয়ন্ত নাথৰ পুত্ৰ ধীমানজ্যোতি নাথ বুলি জানিব পৰা হৈছে । ধীমান বৰনগৰ বিদ্যামন্দিৰ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷

সৰভোগত টিউচন কৰিবলৈ যোৱা ছাত্ৰক অপহৰণ

ছাত্ৰজনে অইন দিনৰ দৰে আজি পুৱাও ঘৰৰ পৰা চাইকেলেৰে টিউচনলৈ ওলাই আহিছিল । ছাত্ৰজনে টিউচন শেষ কৰি ঘৰলৈ যোৱাৰ পথত বৰনগৰ শ্বহীদ ভৱনৰ সন্মুখৰ পৰা চিনেমাৰ কায়দাৰে অচিনাক্ত দুৰ্বৃত্তই মুখত সোপা দি মাৰুতি ভেন গাড়ীৰে অপহৰণ কৰি নিয়ে । দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰজনক বঙাইগাঁৱৰ এটা কোঠাত আৱদ্ধ কৰি ৰাখিছিল ৷ কিন্তু তেওঁ সুযোগ বুজি কোঠাটোৰ পৰা পলাই আহি ৰাস্তাত থকা লোকক ঘটনাৰ বিষয়ে অৱগত কৰে ।

স্থানীয় লোকে লগে লগে ঘটনাৰ বিষয়ে বঙাইগাঁও সদৰ আৰক্ষীক অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত বঙাইগাঁও সদৰ আৰক্ষী উপস্থিত হৈ ছাত্ৰজনক উদ্ধাৰ কৰে আৰু থানালৈ লৈ আহে । ছাত্ৰজনৰ পৰা তেওঁৰ পৰিচয় জনাৰ পাছত বঙাইগাঁও সদৰ আৰক্ষীয়ে তেওঁৰ পিতৃৰ লগতে যোগাযোগ কৰে ৷

ইফালে ছাত্ৰজন সময়ত ঘৰত উপস্থিত নোহোৱাত তেওঁ ঘৰতো হুৱাদুৱা অৱস্থাৰ সৃষ্টি হয় ৷ ছাত্ৰজনৰ পিতৃয়ে তেওঁৰ আত্মীয়-স্বজনৰ লগতে ধীমানৰ বন্ধু-বান্ধৱীৰ লগত যোগাযোগ কৰে যদিও কোনো তথ্য লাভ কৰাত ব্যৰ্থ হয় ৷ এনে সময়তে তেওঁ বঙাইগাঁও সদৰ আৰক্ষীৰ পৰা ফোনযোগে পুত্ৰ অপহৃত হোৱাৰ কথা জানিব পাৰে ৷

লগে লগে ছাত্ৰজনৰ পৰিয়ালৰ লোক বঙাইগাঁও সদৰ থানাত উপস্থিত হৈ ধীমানক সাক্ষাৎ কৰাৰ লগতে এই অপহৰণকাণ্ড সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত বঙাইগাঁও আৰক্ষীয়ে অপহৰণকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অপহৰণকাৰী দুৰ্বৃত্তই মুখত মাস্ক পিন্ধি মাৰুতি ভেন গাড়ীৰে ছাত্ৰজনক অপহৰণ কৰি নিছিল বুলি জানিব পৰা হৈছে ।

লগতে পঢ়ক: Rangia child kidnaping: অপহৃত কন্যাক কাষত পাই আৱেগিক পিতৃ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.