বৰপেটা, 17 অক্টোবৰঃ ৰাজ্যৰ অৰ্থনৈতিক ভাৱে পিছ পৰা মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰৱৰ্তন কৰা কনকলতা মহিলা সবলীকৰণ যোজনাৰ বিষয়ে মহিলা সকলক সবল কৰিবলৈ বৃহস্পতিবাৰে বৰপেটাৰোডত অনুষ্ঠিত হয় এখনি সজাগতা সভা ৷ বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ তেওঁ মহিলা সকলৰ লগত এই ক্ষেত্ৰত মত বিনিময় কৰি কয়- সৰভোগ সমষ্টিৰ মহিলা আত্মসহায়ক গোটবোৰে যাতে মুগা কাপোৰ তৈয়াৰ কৰিব পাৰে তাৰ বাবে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে তাৰবাবে প্ৰায় দুশ গৰাকী মহিলাক নিৰ্বাচন কৰা হৈছে ৷ তেওঁলোকৰ পৰ্যায়ক্ৰমে তাঁতশাল আৰু ঋণ যোগান ধৰাৰ লগতে প্ৰশিক্ষণো দিয়াৰ ব্যৱস্থা কৰা হৈছে,যাতে তেওঁলোকে ব্যৱসায়ীক ভিত্তিত মুগা উৎপাদন কৰি সমষ্টিটোৰ নাম উজলাই তোলাৰ লগতে নিজেও স্বাৱলম্বী হ'ব পাৰে ৷ সজাগতা সভাত গোৱৰ্ধনা ব্লকৰ অন্তৰ্গত 244 টা মহিলা আত্মসহায়ক গোটক প্ৰত্যেক গোটকে দহ হেজাৰ টকাকৈ অনুদান হিচাপে দিয়াৰ বাবে নিৰ্বাচিত কৰা হয় ৷ উল্লেখ্য যে,ইয়াৰ পূৰ্বেও 2018 টা মহিলা আত্মসহায়ক গোটক আঁচনিখনৰ জৰিয়তে এনেদৰে অনুদান প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰে সভাপতিজনে ৷
লগতে পঢ়কঃক্ষমতাক লৈ অৰিয়া-অৰি দুই অধ্যাপকৰ !