ETV Bharat / state

গ্ৰন্থমেলাত জুৱা চলাই থকা বুলি অপপ্ৰচাৰ সামাজিক মাধ্যম ফেচবুকত - দশম কলগাছিয়া গ্ৰন্থমেলা জনীয়া

দশম কলগাছিয়া গ্ৰন্থ মেলাৰ বিৰুদ্ধে অপপ্ৰচাৰ । গ্ৰন্থমেলাত জুৱা চলাই থকা বুলি অপপ্ৰচাৰ সামাজিক মাধ্যম ফেচবুকত ।

গ্ৰন্থমেলাত জুৱা চলাই থকা বুলি অপপ্ৰচাৰ সামাজিক মাধ্যম ফেচবুকত

author img

By

Published : Mar 12, 2020, 12:29 PM IST

জনীয়া, 12 মাৰ্চ : বিগত ৯ টা বছৰে কলগাছিয়া গ্ৰন্থমেলাই বৃহত্তৰ কলগাছিয়াত গ্ৰন্থ আন্দোলনৰ লগতে এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছে । কিন্তু এইবেলি দশম কলগাছিয়া গ্ৰন্থমেলাৰ বিৰুদ্ধে সামাজিক মাধ্যম ফেচবুকত ব্যাপক অপপ্ৰচাৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে এটা ৰাজনৈতিক দলৰ কৰ্মকর্তা । দশম কলগাছিয়া গ্ৰন্থমেলাত জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামক নিমন্ত্ৰণ নকৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

গ্ৰন্থমেলাত জুৱা চলাই থকা বুলি অপপ্ৰচাৰ সামাজিক মাধ্যম ফেচবুকত

কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দশম কলগাছিয়া গ্ৰন্থমেলাত জুৱা খেল চলি থকা বুলি সামাজিক মাধ্যম ফেচবুকত এআইইউডিএছএফ আৰু এআইইউডিএফৰ একাংশ কৰ্মকর্তাই কেৱল কলগাছিয়া গ্ৰন্থমেলাই নহয় বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি কুলুষিত কৰিছে বুলি মন্তব্য কৰে পৰিচালনা সমিতিয়ে । অপপ্ৰচাৰ কৰা ব্যক্তি সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ পোষকতাও কৰে পৰিচালনা সমিতিয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.