জনিয়া,8 ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী,গুনীয়ালগুৰিত দিনে-নিশাই চলে জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় ৷ ইয়াৰ উপৰিও কলগাছিয়াৰ প্ৰত্যেক হাট-বজাৰৰ অলিয়ে-গলিয়ে বিক্ৰী হয় তীৰ খেলৰ টিকট ৷ কলগাছিয়া আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত তথা কলগাছিয়া বজাৰৰ মাজমজিয়াত আছে এণ্ডিং খেলৰ ঘাটি ৷ শুকুৰবাৰে কলগাছিয়াৰ এণ্ডিং খেলৰ ঘাটিত চলোৱা এক অভিযানত এই ব্যৱসায় বৰপেটাৰোডৰ জনৈক অৰবিন্দ আৰু বিকাশ নামৰ লোকে চলাই আছে বুলি কাউণ্টাৰত থকা মেনেজাৰে জানিবলৈ দিয়ে ৷ কিন্তু ৰহস্যজনকভাৱে এই সকলো অবৈধ জুৱাৰ ঘাটিৰ বিষয়ে অৱগত হৈও নীৰৱ আৰক্ষী-প্ৰশাসন ৷ সেয়েহে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত,বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক আৰু কলগাছিয়া আৰক্ষীক দাবী জনাইছে সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক-শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা