ETV Bharat / state

কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ - Kalgachiya boy deathbody found at Raha

মহাৰাষ্ট্ৰৰ এটা কোম্পানীত ট্ৰাক চালক হিচাপে কৰ্মৰত আল মামুনক দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায় ৷ শনিবাৰে আল মামুনৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ লৈ আহে ৷

Kalgachiya boy deathbody found at Raha
কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ
author img

By

Published : Dec 1, 2019, 3:12 PM IST

কলগাছিয়া, 1 ডিচেম্বৰঃ কলগাছিয়াৰ ৰূপাকুচিৰ যুৱক আলমামুনৰ মৃতদেহ ৰহাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷ উল্লেখযোগ্য যে, বিগত 28 নৱেম্বৰত ৰূপাকুচি গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ আল মামুনক দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায় ৷ মহাৰাষ্ট্ৰৰ এটা কোম্পানীত ট্ৰাক চালক হিচাপে কৰ্মৰত আছিল আল মামুন ৷ যুৱকজনে মাল ভৰ্তি ট্ৰাকলৈ মহাৰাষ্ট্ৰৰ পৰা তেজপুৰলৈ যোৱাৰ পথতে পৰিয়ালৰ লগত যোগাযোগ বিছিন্ন হয় ৷ কিছু দিন ধৰি নিৰুদ্দেশ হৈ থকা আল মামুনৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে ৷

কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ

আনহাতে, শনিবাৰে আল মামুনৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ লৈ আহে ৷ পৰিয়ালৰ লোকে যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে ৷ লগতে হত্যাকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

আৰু পঢ়ক- জোঙালবলহুত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

Intro:slug: as_jania_01dec_jania_murder_vis2+byt2+pho1_story_asc10058

Anchor: কলগাছিয়াৰ ৰূপাকুচিৰ যুৱক ৰহাত হত্যা। পৰিয়ালত কান্দোনৰ ৰোল। হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী।Body:slug: as_jania_01dec_jania_murder_vis2+byt2+pho1_story_asc10058

VO: উল্লেখযোগ্য যে, বৰপেটা সদৰ থানাৰ অন্তৰ্গত ৰূপাকুচি গাৱৰ নুৰুল ইছলামৰ পুত্ৰ আল মামুনক কোনো দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত পেলাই থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱকজন মহাৰাষ্ট্ৰৰ এটা কোম্পানীৰ MH 04 HS 0422 নম্বৰৰ এটা ট্ৰাক চলাইছিল। যুৱকজনে মাল ভৰ্তি ট্ৰাকলৈ মহাৰাষ্ট্ৰৰ পৰা অসমৰ তেজপুৰলৈ যোৱাৰ পিছত পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হয় আৰু কিছুদিন ধৰি নিৰুদ্ধেশ হৈ থাকে। ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে। আনহাতে শনিবাৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি খবৰ পাই ৰহাৰ পৰা পৰিয়ালৰ লোকে ঘৰলৈ লৈ আহে। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজে।Conclusion:slug: as_jania_01dec_jania_murder_vis2+byt2+pho1_story_asc10058

Byte: আত্মীয়।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.