কলগাছিয়া, 17 জানুৱাৰীঃ আজি মহান শিল্পী জ্যোতি প্ৰসাদ আগৰৱালাৰ 69 সংখ্যক মৃত্যু তিথি উপলক্ষে, কলগাছিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন জ্যোতি-ৰাভা-নজৰুল সংঘই প্ৰতি বছৰৰ দৰে এই বছৰো এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শিল্পী দিৱস উদযাপন কৰে ৷ শিল্পী দিৱসৰ প্ৰাকক্ষণত কণ কণ শিল্পী সকলে CAA ৰ বিৰোধিতাৰে গীত-নৃত্যৰ লগতে এক বাটৰ নাট পৰিৱেশন কৰে ৷ ইয়াৰ লগতে শিল্পী দিৱসৰ জৰিয়তে আয়োজক সমিতিয়ে, ৰূপকোঁৱৰৰ আদৰ্শৰে অসমৰ শান্তি সম্প্ৰীতি আৰু উন্নয়ন কামনা কৰিছে ৷ তদুপৰি সংখ্যলঘু স্থান হোৱা স্বত্বেও তেওঁলোকেও যে এখন বৰ অসম গঢ়াৰ চেষ্টা কৰি আহিছে, সেই বিষয় জনীয়াক লৈ বিৰূপ মন্তব্য কৰা কোনো মন্ত্ৰীক পৰিদৰ্শন কৰিবলৈয়ো আহ্বান জনায় ৷
লগতে পঢ়কঃ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা