জনীয়া,19নৱেম্বৰ: বৃহস্পতিবাৰে কলগাছিয়াত শুভাৰম্ভণি কৰা হয় এখন কৰ্মশালাৰ ৷ বৰপেটা জিলাৰ ভেৰালদি ৰুৰেল ডেভেলপমেন্ট এছোচিয়েচনৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সংখ্যালঘু দপ্তৰৰ সৌজন্যত অনুষ্ঠিত হয় এই কৰ্মশালাখন ৷ কৰ্মশালা খনত আমগুৰি- কলগাছিয়াৰ অংশগ্ৰহণ কৰে ২৫ গৰাকী মহিলাই ৷ মহিলা সকলৰ মাজত নেতৃত্ব বিকাশ আৰু দক্ষতা নিৰূপন আৰু সৱলীকৰণৰ ওপৰত গুৰুত্ব দি অনুষ্ঠিত কৰা হয় কৰ্মশালা খন ৷ ১৯ নৱেম্বৰৰ পৰা ৬ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে ভেৰালদি ৰুৰেল ডেভেলপমেন্ট এছোচিয়েচনৰ সম্পাদক মহিদুল ইছলামে আৰু সভাপতিত্ব কৰে হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছানে ৷

অন্য এক খবৰৰ বাবে: অনাড়ম্বৰভাৱে অনুষ্ঠিত হ’ব ষট পূজা
কৰ্মশালা শুভাৰম্ভণি অনুষ্ঠানখনত বৰপেটা জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ সমন্বয়ক চয়ন শুক্লবৈদ্যই মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে সমল ব্যাক্তি হিচাপে উপস্থিত থাকে কলগাছিয়া টাউন একাডেমিৰ অধ্যক্ষ আছিৰ উদ্দিন তালুকদাৰ, বিশিষ্ট সাংবাদিক দোস্ত হাফিজুৰ ৰহমান আৰু লেখক তথা সাংবাদিক জাহিদুল ইছলামে । ইয়াৰ উপৰিও অনুষ্ঠানটোত হেল্পলাইন ফাউণ্ডেশ্যনৰ সম্পাদক বাহাৰুল ইছলাম,নেহেৰু যুৱ কেন্দ্ৰৰ সেচ্ছাসেৱক শাহানুৰ হকৰ লগতে ২৫ গৰাকী সংখ্যালঘু শিক্ষিত মহিলা উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: মৰঙীত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ