জনীয়া, 23 জানুৱাৰী: ছটা দলৰ প্ৰস্তাৱিত মহাজোঁট বন্ধনে এইবাৰ অসমত চৰকাৰ গঠন কৰিব বুলি মন্তব্য সাংসদ আব্দুল খালেকৰ ৷ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি সাংসদ গৰাকীয়ে উক্ত মন্তব্য প্ৰদান কৰে ৷
শুকুৰবাৰে বৰপেটা জিলা পথ সুৰক্ষা সমিতি আৰু পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া মটৰ শ্ৰমিক-মালিক সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকি সাংসদ আব্দুল খালেক, জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম, নৱজ্যোতি কলেজৰ অধ্যক্ষ ড৹ ছাহজাহান আলী আহমেদ উপস্থিত থাকি পথ সুৰক্ষাৰ নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায় ৷ অনুষ্ঠানটোত 'পথ সুৰক্ষা জীৱন ৰক্ষা' শীৰ্ষক এখন বাটৰ নাট প্ৰদৰ্শনেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয় ৷
বৰপেটাৰ ডিটিঅ হিমাংশু দাসেও সকলোকে হেলমেট পিন্ধি, চিটবেল্ট পৰিধান কৰি লগতে গাড়ী চলাবলৈ আহ্বান জনায় ৷ অনুষ্ঠানটোত প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ৷
লগতে পঢ়ক:কলগাছিয়াত কৃষক মুক্তিৰ ক'লা দিন পালন