ETV Bharat / state

কলগাছিয়াৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰত ৰহস্যৰ গোন্ধ

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ ৷ 9 অক্টোবৰত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাস আৰু হাউলী আৰক্ষী থানাৰ আৰক্ষীয়ে সুঁতিৰপাথাৰ বেঁকী নদীত উদ্ধাৰ কৰে মৃতদেহটো ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি বৰভিটা আৰক্ষী চকীৰ বিষয়া প্ৰণৱ হাজৰিকাই উল্লেখ কৰে ৷

Kalgachia murder followup
কলগাছিয়াৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰত ৰহস্যৰ গোন্ধ!
author img

By

Published : Oct 15, 2020, 7:35 AM IST

জনীয়া,15 অক্টোবৰ : কলগাছিয়া সাংবাদিক সন্থাৰ বিশেষ সফলতা । 24 ছেপ্তেম্বৰত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাৰ সন্ধানহীন হোৱা আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ হয় সুঁতিৰপাথাৰ বেঁকী নদীত ৷ 9 অক্টোবৰত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাস আৰু হাউলী আৰক্ষী থানাৰ আৰক্ষীৰ উপস্থিতত মৃতদেহ উদ্ধাৰ কৰা হয় মৃতদেহটো ৷

উল্লেখ্য যে,আবুল কালাম আজাদক হত্যা কৰি বস্তাত ইটা ভৰাই বান্ধি নদীত ডুবাই দিয়া হৈছিল । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে যদিও পানীৰ পৰা ইটাৰ বস্তা উদ্ধাৰ নকৰাত ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰে কলগাছিয়া সাংবাদিক সন্থাই ৷ এই সন্দৰ্ভত আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসে সহযোগিতা কৰিবলৈ অমান্তি হোৱা বুলি সাংবাদিক সন্থাই জানিবলৈ দিয়ে । ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা স্থানৰ পৰা আৰক্ষীয়ে ইটা ভৰ্তি দুটাকৈ বস্তা উদ্ধাৰ কৰিছে ৷

কলগাছিয়াৰ আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰত ৰহস্যৰ গোন্ধ!

আনহাতে বৰভিটা আৰক্ষী চকীৰ বিষয়া প্ৰণৱ হাজৰিকাই এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অৱগত কৰে । ইতিমধ্যে হত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত মুকলেছুৰ ৰহমান চৌধুৰী আৰু ইজ্জত আলীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । লগতে আবুল কালাম আজাদৰ আত্মীয়ই এই হত্যাৰ লগত জড়িত দোষীক ফাঁচীৰ দাবী জনাইছে ।

লগতে পঢ়ক: কোনো কাৰণতে বহিৰাগত বণিক গোষ্ঠীক ভূমি এৰি দিয়া নহ’ব: সাংসদ অজিত ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.