জনীয়া, 1 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে জলপ্ৰলয় (Assam flood 2022) ৷ ৰাজ্যৰ অধিক অঞ্চল বানত বিধ্বস্ত হোৱাৰ মাজতে বিভিন্ন স্থানত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে ৷
বানৰ ফলতে কলগাছিয়াৰ খাৰবাল্লী অঞ্চলৰ মডাৰ্ণ বজাৰৰ দুটাকৈ বিদ্যুতৰ খুটা যোৱা প্ৰায় 20 দিনৰ পূৰ্বে ভাগি পৰিছিল ৷ ইয়াৰ বাবে বিদ্যুৎ কৰ্তন কৰি দিয়াৰ ফলত সমগ্ৰ অঞ্চলটো অন্ধকাৰত ডুব গৈ থাকিব লগা হৈছে ৷ বানাক্ৰান্ত ৰাইজক পোহৰ যোগানৰ বাবে অন্য ব্যৱস্থা কৰাতো দূৰৰে কথা, যোৱা 20 দিন ধৰি অঞ্চলটোত বাগৰি পৰা বিদ্যুতৰ খুটাকেইটা মেৰামতি কৰি পুনৰ বিদ্যুৎ যোগান ধৰিবলৈকো এতিয়া আহৰি নাই বিভাগটোৰ বৰমূৰীয়া তথা কৰ্মচাৰীৰ (Sad picture of ASEB) ৷
অৱশেষত উপায়ন্তৰ হৈ ৰাজথলৈ ওলাই আহিছে খাৰবাল্লী অঞ্চলৰ ক্ষুব্ধ লোকসকল ৷ অঞ্চলটোত অতি শীঘ্ৰে বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকসকলে (Locals Protest Demanding Power Supply)৷ স্থানীয় লোকসকলে সংবাদমাধ্যমক জনোৱা অনুসৰি অঞ্চলটোত প্ৰায় 500 ঘৰৰো অধিক বিদ্যুতৰ উপভোক্তা আছে ৷
ইফালে বিগত দিনকেইটাত বানৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়া-শুনাৰো বহুখিনি ক্ষতি হৈছে ৷ পানী কিছু সাম কটাৰ ফলত ৰাইজে সামান্য স্বস্তিৰ নিশ্বাস লৈছে যদিও ছাত্ৰ-ছাত্ৰীসকলে লিখা পঢ়া কৰাৰ বাবে এতিয়া ঘৰত নাই বিদ্যুতৰ যোগান ৷
সেয়েহে ভগা খুটাকেইটা অতি শীঘ্ৰেই মেৰামতি কৰি অঞ্চলটোত বিদ্যুতৰ যোগানৰ ব্যৱস্থা কৰিবলৈ বিদ্যুৎ বিভাগক কাতৰ অনুৰোধ জনাইছে স্থানীয় লোকসকলে ৷
লগতে পঢ়ক: কৃষকৰ আৰ্তনাদ: ৰঙিয়াত বালিত পোত গ'ল বিঘাই বিঘাই কৃষিভূমি