জনীয়া,31 অক্টোবৰ: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰ গাঁৱত শুকুৰবাৰে নিশা দুৰ্বৃত্তৰ দলে ফুলচান আলীৰ ঘৰ জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে । দুই বছৰ পূৰ্বেই ফুলচান আলীৰ পিতৃ জুব্বাৰ আলীয়ে শওঁপুৰ গাঁৱৰ জাকিৰ হুছেইন,আজিজুল,ৰজব আলী,আমজাদ আলী,উদমাৰীৰ সাহজাহান আলী, ছামচুল হক, আজিজুলকে আদি কৰি দহ জনকৈ ব্যক্তিৰ নামত কলগাছিয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল । ফুলচান আলীৰ পিতৃ জুব্বাৰ আলীৰ অভিযোগ মতে, দীৰ্ঘ দিনৰ পৰাই ফুলচান আলীৰ মাটি বেদখল কৰিবলৈ ফুলচান আলীক ধমকি দি আহিছিল গাঁৱখনৰে কেইজনমান লোকে ৷
![kalgachia fire incident](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9379274_hh.jpg)
গোচৰ চলি থকা অৱস্থাতেই উক্ত আচামী কেইজনে কেইবাবাৰো ফুলচানে ঘৰ বনাই থকা মাটিৰ পৰা আতৰি নগ'লে ঘৰ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷ শুকুৰবাৰে নিশা দুৰ্বৃত্তৰ দলে ফুলচান আলীৰ এটা ঘৰ জ্বলাই দিয়ে ৷ ঘৰটো ভষ্মীভূত হোৱাৰ লগতে ৩০ এটাকৈ কুকুৰা আৰু ঘৰৰ কামৰ বাবে আনি থোৱা শাল কাঠ জ্বলি ছাঁই হৈ গৈছে । এই ঘটনাৰ পাছতে কলগাছিয়া আৰক্ষী থানত উক্ত আচামী সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভুগী ফুলচান আলীয়ে ৷ আৰক্ষীৰ তদন্ততৰ পাছতহে ওলাই পৰিব ঘটনাৰ প্ৰকৃত ৰহস্য ।
লগতে পঢ়ক: সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই