ETV Bharat / state

ফুলাম গামোচা পিন্ধি কৃষক বিদ্ৰোহত অংশগ্ৰহণ কলগাছিয়াৰ কৃষকৰ

author img

By

Published : Jan 18, 2021, 10:01 PM IST

দিল্লীত অব্যাহত থকা কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰি কৃষকসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কলগাছিয়াৰ কৃষক নেতা চানমামুদ আহমেদৰ ৷ ৰাজধানী দিল্লীত প্ৰতিবাদী কৃষকসকলৰ ডিঙিত দেখিবলৈ পোৱা গৈছে ফুলাম গামোচা ৷

farmers protest
কৃষক বিদ্ৰোহ

জনিয়া,18 জানুৱাৰী : অসমৰ স্বাভিমান ফুলাম গামোচা ডিঙিত লৈ দিল্লীৰ আন্দোলনত অংশগ্ৰহণ কৰিছে কলগাছিয়াৰ একাংশ কৃষকে । কৃষকৰ এই বিদ্ৰোহ অধিক তীব্রতৰ হৈ উঠা পৰিলক্ষিত হৈছে । দিল্লীত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কৃষকসকলৰ ডিঙিত ফুলাম গামোচা ।

farmers protest
কৃষক বিদ্ৰোহ

অসম ৰাজ্যিক কৃষক সভাৰ 7 জনকৈ প্ৰতিনিধি উপস্থিত হৈছে দিল্লীৰ সিংঘু সীমান্তত । কৃষক আন্দোলনক সমৰ্থন জনাবলৈ অসমৰ প্ৰতিনিধি দল উপস্থিত হৈছে ৰাজধানী দিল্লীত । দিল্লীৰ কৃষকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে কলগাছিয়াৰ কৃষক নেতা চানমামুদ আহমেদে ৷

বিগত দুমাহ ধৰি কৃষি আইন বাতিলৰ দাবীৰে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে দিল্লী সীমান্তত বাহৰ পাতি ঘাইপথত আন্দোলন কৰি আছে । এই আইন বাতিল নোহোৱালৈকে পিছুৱাই নহাৰ ইতিমধ্যে হুংকাৰ দিয়ে প্ৰতিবাদী কৃষকসকলে ।

লগতে পঢ়ক : ক্ষতিপূৰণৰ দাবীত পুনৰ প্ৰৱল প্ৰতিবাদত নামিছে বাঘজানৰ ক্ষতিগ্ৰস্ত ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.