জনীয়া, ৯ জুন: সমগ্ৰ ৰাজ্যতে কৰ'ণা মহামাৰীৰ বিভীষিকা অব্যাহত থকাৰ সময়তে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজক সংকটত পেলাই খহনীয়া(Erosion)ই । বৰপেটাৰ কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বেকী নৈ(BEKI RIVER)ৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । পুৱাৰে পৰা চপৰা চপৰে খহিছে নৈৰ গৰা ।
খহনীয়াত উছন হ'ল নৈপৰীয়া পাঁচটা পৰিয়ালৰ বাসগৃহ । প্ৰায় এঘন্টাৰ ভিতৰতে জামাল উদ্দিন, আবুল কালাম, আকমত আলী, ছলিম উদ্দিনকে ধৰি পাঁচজন লোকৰ বাসগৃহ খহনীয়াত জাহ যায় । আপোন ঘৰখন হেৰুৱাই মূৰে-কপালে হাত দিবলগীয়া হৈছে দুৰ্ভগীয়া লোকসকলে । প্ৰাণৰ সংশয়ত ভূগিছে নৈপৰীয়া ৰাইজে ।
আনহাতে, সদ্য নিৰ্মিত ৰিং বান্ধো জাহ গৈছে খহনীয়াত । ইয়াৰ পিছতো স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়াত আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলীয়া হৈছে গৃহহীন লোকসকলে ।
শীঘ্ৰে খহনীয়া প্ৰতিৰোধ নকৰিলে বলাইপাথাৰ, খাৰবাল্লী আৰু কলগাছিয়ালৈ ভাবুকিৰ আনিব বুলি আশংকা কৰিছে ৰাইজে । সেয়ে, বৰপেটা জিলা প্ৰশাসনক অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।