ETV Bharat / state

কলগাছিয়াত ভঙা দলঙেৰে যাতায়ত কৰিছে ৰাইজে - খাৰবাল্লীলৈ যোৱা পথৰ কাঠৰ দলং

জনিয়াৰ বিধায়ক হাফিজ ড৹ ৰফিকুল ইছলামৰ ঘৰৰ কাষৰ তথা কলগাছিয়াৰ পৰা খাৰবাল্লী গাৱলৈ যোৱা ৰাস্তাৰ ওপৰত থকা কাঠৰ দলঙে জলা কলা খুৱাইছে ৰাইজক। নিম্নমানৰ দুৰ্বল কাঠেৰে দলং নিৰ্মান কৰাৰ ফলত দলংখন ভাঙি যোৱাৰ লগতে অলপ জোৰ দিলেই খহি যায় কাঠ ।

কলগাছিয়াত ভঙা দলঙেৰে যাতায়ত কৰিছে ৰাইজে

author img

By

Published : Oct 28, 2020, 10:17 AM IST

জনীয়া, 28 অক্টোবৰ : কলগাছিয়াত ভঙা দলঙেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে । নিম্নমানৰ দুৰ্বল কাঠেৰে দলং নিৰ্মাণ কৰাত জহি খহি গৈছে খাৰবাল্লীলৈ যোৱা পথৰ কাঠৰ দলং । ব্যাহত হৈ পৰিছে জৰুৰীকালীন সেৱা । জনিয়াৰ বিধায়ক হাফিজ ড৹ ৰফিকুল ইছলামৰ ঘৰৰ কাষৰ তথা কলগাছিয়াৰ পৰা খাৰবাল্লী গাৱলৈ যোৱা ৰাস্তাৰ ওপৰত থকা কাঠৰ দলঙে জলা কলা খুৱাইছে ৰাইজক । নিম্নমানৰ দুৰ্বল কাঠেৰে দলং নিৰ্মান কৰাৰ ফলত দলংখন ভাঙি যোৱাৰ লগতে অলপ জোৰ দিলেই খহি যায় কাঠ । ফলত এক শংকাৰ মাজত যাতায়ত কৰিব লগা হয় ৰাইজে । দুৰ্বল দলঙেৰে কোনো জৰুৰী সেৱাৰ গাড়ী তথা এম্বুলেন্স, অগ্নিনিৰ্বাপকৰ গাড়ী আদিৰ যাতায়ত বন্ধ হৈ পৰিছে । যাৰ ফলত কলগাছিয়া, সুতিৰপাথাৰ, খাৰবাল্লী আদি গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে দুৰ্ভোগ ভূগিব লগা হৈছে । শীঘ্ৰে দলংখন পকীকৰনৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত অব্যাহত মিজোৰ সন্ত্ৰাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.