জনীয়া,1 নৱেম্বৰ : বৰপেটাৰ কলগাছিয়াৰ কৰাৰকুৰত বেকী নৈৰ ওপৰত নিৰ্মাণ কৰা 78 কোটি টকীয়া দলঙখনত ছিৰাল ফাট মেলা পৰিলক্ষিত হৈছে ৷ আনুষ্ঠানিকভাৱে উদ্বোধন হোৱাৰ পূৰ্বেই ভাঙিবলৈ আৰম্ভ কৰিছে দলংখন ।
আমিনগাঁৱৰ পৰা জনিয়া হৈ উত্তৰ শালমাৰালৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথৰ কৰাৰকুৰত বেকী নৈৰ ওপৰত নিৰ্মাণ কৰা বেকী দলংখন 8 বছৰ নহৌতেই মেলিছে ছিৰাল ফাট । দৈনিক হাজাৰ হাজাৰ গাড়ী-মটৰ চলাচল কৰা 802 মিটাৰ দৈৰ্ঘৰ এই দলংখন ঠায়ে ঠায়ে ভাঙি যাবলৈ আৰম্ভ কৰিছে ।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন গড়কাপ্তানি মন্ত্ৰী অজন্তা নেওগে 2009 চনত আধাৰশিলা স্থাপন কৰিছিল এই দলংখনৰ । পৰৱৰ্তী সময়ত 2016 চনত সম্পূৰ্ণ হৈছে দলংখনৰ নিৰ্মাণৰ কাম । কিন্তু আনুস্থানীক ভাৱে উদ্বোধন হোৱাৰ পূৰ্বেই দলঙৰ এনে ৰূপ দেখি এতিয়া সকলোৰা চকু কপালত উঠিছে ৷
অতি নিম্নমানদণ্ডৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰা বুলি অভিযোগ কৰাৰ লগতে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : 35 কি:মি: বাটকুৰি বাই শিক্ষকক দেখুৱালে হোমৱৰ্ক