কলগাছিয়া,10 জানুৱাৰীঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । বেকী নদীৰ ভয়ানক গৰাখহনীযাৰ কবলত পৰিছে জনীয়া সমষ্টিৰ কেবাখনো গাওঁ। বিগত এটা সপ্তাহত জাহ গ'ল পঁচিশটা পৰিয়ালৰ ঘৰ-দুৱাৰ। মাটি-ভেটি হেৰুৱাই এতিয়া পথাৰত আশ্ৰয় গ্ৰহণ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে।
![KALGACHIA BEKI RIVER MASSVE EROSION ASSAM BARPETA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5658257_kalgachiya.jpg)
বিগত কেবাবছৰ ধৰি হৈ থকা বেকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ মানচিত্ৰ সলনি কৰি অহাৰ পিছত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে স্থানীয় বিধায়ক আৰু সাংসদক বহু বাৰ অনুৰোধ জনাইছে যদিও এইক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ বিৰুদ্ধে । সম্প্ৰতি চৰ খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু ১৬৭০ নম্বৰ উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে শতাধিক পৰিয়াললৈ নামি আহিছে তীব্ৰ ভাবুকি ৷ সেয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে অঞ্চলটোৰ ৰাইজে ।
লগতে চাওকঃমোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..!