ETV Bharat / state

খৰালিতো অব্যাহত আছে বেকী নদীৰ খহনীয়া

author img

By

Published : Feb 21, 2020, 11:32 PM IST

কলগাছিয়াত বেকী নদীৰ খহনীয়াত জাহ গৈছে শতাধিক লোকৰ মাটি-ভেটিৰ লগতে অনুষ্ঠান- প্ৰতিষ্ঠান ৷ আওকাণ জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ ৷

Kalgachia Beki river Erosion
খৰালিতো অব্যাহত আছে বেকী নদীৰ খহনীয়া

জনিয়া,21 ফেব্ৰুৱাৰী: কলগাছিয়াৰ খাৰবাল্লী গাঁৱত খৰালিতো অব্যাহত আছে বেকী নদীৰ গৰাখহনীয়া । উচ্ছেদ শতাধিক পৰিয়াল,অনুষ্ঠান- প্ৰতিষ্ঠান । খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ । উল্লেখ্য যে,যোৱা বাৰিষাৰ পিছৰে পৰা কলগাছিয়াৰ খাৰবাল্লী,সুঁতিৰপাথাৰ,কাচুকাটী গাঁৱত ধাৰাবাহিক ভাৱে অব্যাহত থকা বেকী নদীৰ গৰাখহনীয়াৰ কবলত কেইবা শতাধিক পৰিয়ালৰ ঘৰ- দুৱাৰ মাটি ভেটি নদীৰ বুকুত জাহ যোৱাৰ গৈছে ৷ ইয়াৰোপৰি চৰ খাৰবাল্লী প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো ধৰ্মীয় অনুষ্ঠানৰ লগতে চৰাঞ্চলৰ ৰাইজৰ বাবে বৰ বাৰিষাত আশ্ৰয় লোৱা ওখ ঠাইখিনিয়ো নদীয়ে খহাই নিয়াত দিশহাৰা হৈ পৰিছে গঞা ৰাইজ ।

খৰালিতো অব্যাহত আছে বেকী নদীৰ খহনীয়া

ইফালে,স্থানীয় প্ৰশাসন তথা জনপ্ৰতিনিধিক ৰাইজে যোগাযোগ কৰাৰ পিছতো তেওঁলোকে ৰাইজৰ দুৰ্দশাৰ কোনো খবৰ নোলোৱাত হতাশ হৈ পৰিছে ৰাইজ। বৰ্তমান চৰকাৰক খহনীয়া প্ৰতিৰোধৰ দাবী কৰিছে আক্ৰান্ত ৰাইজে ৷

লগতে পঢ়ক:আৰ টি আই কৰ্মী দুলাল বৰাৰ বিৰুদ্ধে অপৰাধ শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.