ETV Bharat / state

কলগাছিয়া সাপ্তাহিক বজাৰত কৃত্ৰিম বান - জনীয়া সমষ্টি

কলগাছিয়া সাপ্তাহিক বজাৰ(Kalgachia Weekly Market)ত কৃত্ৰিম বান(Artificial Flood) । বিগত দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কলগাছিয়াৰ অলিয়ে-গলিয়ে সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ । যাৰ ফলস্বৰূপে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাত গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

kalgachia-artificial-flood
কলগাছিয়া সাপ্তাহিক বজাৰত কৃত্ৰিম বান
author img

By

Published : Jun 7, 2021, 1:12 PM IST

জনীয়া,7 জুন: জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত কৃত্ৰিম বান(Artificial Flood)ৰ তাণ্ডৱ । এজাক বৰষুণত একাঁঠু পানী হোৱাত যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে কলগাছিয়াৰ ৰাইজ । একাঁঠুকৈ পানীৰ মাজত বহি ব্যৱসায় কৰিবলগা হৈছে ব্যৱসায়ীসকলে ।

কলগাছিয়া সাপ্তাহিক বজাৰ(Kalgachia Weekly Market)ৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বৰষুণৰ পানী সোমোৱাৰ বাবে প্ৰায় বন্ধ হৈ পৰিছে বেপাৰ-বাণিজ্য ৷ ফলত দোকানী আৰু গ্ৰাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিয়মীয়াকৈ ৰাজহ আদায় কৰি আহিছে যদিও বজাৰৰ উন্নতিৰ কাৰণে চৰকাৰে কোনো সুবিধা কৰি দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে ।

কলগাছিয়া সাপ্তাহিক বজাৰত কৃত্ৰিম বান

উল্লেখ্য যে, কলগাছিয়া বজাৰত পানী ওলাই যাব পৰাকৈ কোনো নলা নিৰ্মাণ নকৰাৰ ফলত এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি কয় ৰাইজে ৷ সেয়ে ৰাইজে কৰ সংগ্ৰহ কৰা হাটলেচী, আঞ্চলিক পঞ্চায়ত, বিধায়ক হাফিজ ৰফিকুল ইছলাম(MLA Hafiz Rafikul Islam) আৰু সাংসদ আব্দুল খালেকক অতি সোনকালে বজাৰখনত নলা নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: কলিয়াবৰত জব্দ চোৰাং কাঠ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.