জনীয়া,9 এপ্ৰিল : পৰিৱৰ্তনৰ কথা কৈ কৈ চৰকাৰখনেও পাঁচটা বছৰ অতিক্ৰম কৰিলে ৷ আকৌ আহিব নতুন চৰকাৰ ৷ কিন্তু পৰিৱৰ্তন হ'ল ৰাজ্যৰ পথ সমূহ ৷ নে পৰিৱৰ্তনে ঢুকিয়ে নাপালে জনীয়া সমষ্টিৰ বলাইপাথাৰৰ পৰা কলগাছিয়া ষ্টেট বেংকলৈ যোৱা ব্যস্ত পথটো ৷ এজাক বৰযুণ আহিলেই একাঠু পানীৰে ভৰি পৰে সদাব্যস্ত পথটো ৷ যাৰ নৰক যন্ত্ৰণা ভোগ কৰিব লগীয়া হয় অঞ্চলবাসীয়ে ৷
বৃহস্পতিবাৰে অহা এজাক বৰষুণৰ পাচতে পানীত বুৰ গ'ল পথচোৱা ৷ পুখুৰী সদৃশ গাঁতৰ পানীৰে ভৰি পৰিল সদাব্যস্ত পথচোৱা ৷ লগে লগে হাহাকাৰ লাগিল পথটোৰ দুয়োকাষে থকা ব্যৱসায়িক প্ৰতিস্থান সমূহৰ মাজত ৷ বাৰাম্বাৰ পথতোৰ দুয়োকাষে নলা নিৰ্মাণৰ ব্যৱস্থা কৰাৰ দাবী জনাই আহিছে যদিও স্থানীয় লোকৰ দাবীৰ প্ৰতি যেন কোনো কানষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
লগতে পঢ়ক: বৰপেটাত জব্দ 49 হাজাৰ 200 টকাৰ জালনোট