ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত বৰপেটাৰ মৰাপাট খেতিয়কসকল

চলিত বৰ্ষৰ বাবে সৰ্মস্বান্ত কৰিছে ৰাজ্যৰ বহু বানাক্ৰান্তক ৷ এই ক্ষেত্ৰত বিস্তৰ ক্ষতিসাধনৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তৰ মৰাপাট খেতিয়ক সকলো ৷ বানে জুৰুলা কৰা খেতিয়কসকলে সম্প্ৰতি চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত ৷

author img

By

Published : Aug 5, 2020, 12:27 PM IST

মৰাপাট খেতিয়ক
মৰাপাট খেতিয়ক

জনীয়া, 5 আগষ্ট: প্ৰলয়ংকাৰী বানৰ ফলত বিধ্বস্ত হৈছে অসমৰ 25 খনতকৈয়ো অধিক জিলাৰ বৃহত্তৰ অঞ্চলৰ জনজীৱন ৷ বহু লোকে এই বানত নিজৰ সৰ্বস্ব হেৰুৱাই হৈ পৰিছে সৰ্বস্বান্ত ৷ বিষেশকৈ কৃষকসকলে বানৰ ফলত নিজৰ খেতি মাটিৰ লগতে, খেতিৰ ফচল হেৰুৱাই কৰিবলগীয়া হৈছে হাহাকাৰ ৷ ব্যতিক্ৰম নহয় বৰপেটা জিলাৰ ভিন্ন অঞ্চলৰ মৰাপাট খেতিয়ক সকলো ৷

বানৰ ফলত ক্ষতিগ্ৰস্ত বৰপেটাৰ মৰাপাট খেতিয়ক

উল্লেখ্য যে, মৰাপাটৰ খেতিয়ে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ আগবঢাই আহিছে যথেষ্ট বৰঙণি ৷ কিন্তু চলিত বৰ্ষত চাৰি বাৰকৈ হোৱা বানৰ ফলত পশ্চিম বৰপেটাৰ শ শ বিঘা মৰাপাট খেতি ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে ৷ বহু ঋণ লোৱাৰ লগতে নিজৰ গাঁঠিৰ ধন ভাঙি মৰাপাট খেতি কৰা উপায়ন্তৰ কৃষকে সম্প্ৰতি, নিজৰ খেতিৰ ফচলৰ দুৰৱস্থা দেখি মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ধ্বংস হৈ যোৱা মৰাপাট খিনি চাফা কৰি খেতিয়ক সকলে পুনৰ শালি খেতি কৰাৰ প্ৰস্তুতি চলাইছে যদিও তেওঁলোকৰ হাতত নাই শালি খেতিৰ বাবে পৰ্যাপ্ত কঠীয়া ৷ তাৰোপৰি ঋণত বুৰ গৈ থকা খেতিয়ক সকলৰ হাতত এতিয়া নাই পৰ্যাপ্ত আৰ্থিক সমলো ৷ যাৰ বাবে এতিয়া ঋণ পৰিশোধৰ ক্ষেত্ৰতো তেওঁলোকৰ মাজত দেখা দিছে অভাৱে ৷ বানে জুৰুলা কৰা কৃষকসকলে এতিয়া চৰকাৰৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত ৷ কিয়নো বানে ইতিমধ্যেই সৰ্বস্বান্ত কৰি পেলাইছে তেওঁলোকক ৷

লগতে পঢ়ক: কৰ’ণা ৰোগীৰ খাদ্যত ওলাল কুমজেলেকুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.