ETV Bharat / state

তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা

author img

By

Published : Oct 22, 2020, 10:04 PM IST

বৰপেটাত ঘোচ দিবলৈ আহি হাতে-লোটে গ্ৰেপ্তাৰ হ'ল এগৰাকী কনিষ্ঠ অভিযন্তা ৷ আৰক্ষীৰ জালত পৰা বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাগৰাকী নাছিৰুদ্দিন আহমেদ ৷ বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক ঘোচ দিবলৈ লওঁতেই অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আৰক্ষীৰ হাতত গতাই দিয়ে কনিষ্ঠ অভিযন্তাগৰাকী ৷ কনিষ্ঠ অভিযন্তাগৰাকীৰ পৰা ৯০ হাজাৰ টকা জব্দ কৰিছে আৰক্ষীয়ে ৷

junior engineer arrest at barpeta on accused of bribe

বৰপেটা, ২২ অক্টোবৰ : এগৰাকী তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ আহি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী কনিষ্ঠ অভিযন্তা হাতে লোটে ধৰা পৰা ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ বিশেষকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলত সংঘটিত প্ৰায় তিনিশ কোটি টকীয়া অনাময় শৌচাগাৰ কেলেংকাৰীৰ তদন্তকাৰী বিষয়া হিচাপে নিয়োজিত আছিল অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক ৷ বৰপেটাৰ বাঘবৰত সংঘটিত অনাময় শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰী সম্পৰ্কত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ নিৰ্দেশ মৰ্মে কেলেংকাৰীটোৰ তদন্ত কৰি আছিল অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷

বাঘবৰত সংঘটিত অনাময় শৌচাগাৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিনকে ধৰি একাংশ বেচৰকাৰী সংস্থা আৰু বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগতে একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৷ আনকি নাছিৰুদ্দিন আহমেদৰ লগতে শৌচাগাৰ নিৰ্মাণৰ সৈতে জড়িত কেবাটাও বেচৰকাৰী সংস্থাৰ বিৰুদ্ধে বাঘবৰ থানাত স্থানীয় একাংশ লোকে এজাহাৰ দাখিল কৰে ৷ এই কেলেংকাৰীৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী সকলক উচিত শাস্তিৰ দাবী জনায় আহিছিল ৰাইজে ৷

অতিৰিক্ত উপায়ুক্তৰ মন্তব্য

আনহাতে কেলেংকাৰীটোৰ সৈতে জড়িত নাছিৰুদ্দিন আহমেদে দোষী সাব্যস্ত হোৱাৰ ভয়তে তদন্তকাৰী বিষয়াক মেনেজ কৰাৰ চেষ্টা চলাইছিল ৷ বৃহস্পতিবাৰে তদন্তকাৰী বিষয়াক কাৰ্যালয় কক্ষত সাক্ষাৎ কৰি ঘোচ দিবলৈ চেষ্টা চলাওঁতেই বৰপেটা সদৰ থানাৰ আৰক্ষীৰ হতুৱাই কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰোৱা হয় ৷ অতিৰিক্ত উপায়ুক্ত তথা তদন্তকাৰী বিষয়া নৱজিৎ পাঠকৰ নিৰ্দেশ আৰু অভিযোগৰ ভিত্তিত ঘোচ দিবলৈ অনা ৯০ হাজাৰ টকাসহ নাছিৰুদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি বৰপেটা সদৰ থানাত নাছিৰুদ্দিন আহমেদক জেৰা কৰি থকা হৈছে ৷

অভিযুক্ত নাছিৰুদ্দিনৰ মন্তব্য

ইপিনে বাঘবৰত সংঘটিত কেলেংকাৰীটোৰ সন্দৰ্ভত তদন্ত চলাই থকা তদন্তকাৰী বিষয়া নৱজিৎ পাঠকে জনোৱামতে, বাঘবৰত শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা অনিয়ম সম্পৰ্কত ইতিমধ্যে বহু তথ্য লাভ কৰা গৈছে ৷ আনকি বঞ্চিত বহু হিতাধিকাৰীৰ পৰা সাক্ষ্য প্ৰমাণো সংগ্ৰহ কৰা বুলি জানিবলৈ দিয়ে ৷ এইক্ষেত্ৰত তদন্তটোৰ স্বাৰ্থত কনিষ্ঠ অভিযন্তা গৰাকীৰ পৰা কিছুমান বিশেষ নথি বিচৰা হৈছিল ৷ কিন্তু কনিষ্ঠ অভিযন্তা নাছিৰুদ্দিন আহমেদে তদন্তকাৰী বিষয়াক প্ৰয়োজনীয় নথি সমুহ দিয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিব বিচাৰে ৷

আৰক্ষী বিষয়াৰ মন্তব্য

তদন্তটো বিপথে নিয়াৰ অপচেষ্টাৰে কনিষ্ঠ অভিযন্তাগৰাকীয়ে নৱজিৎ পাঠকক ঘোচ দিয়াৰ চেষ্টা চলাইছিল আৰু এইক্ষেত্ৰত নৱজিৎ পাঠকে লগে লগে তেওঁক আৰক্ষীক গটাই দিয়ে ৷ ইপিনে বাঘবৰত শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীটোৰ তদন্ত চলাই থকা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ামতে দুৰ্গা পূজাৰ পিচতেই তেওঁ জিলা উপায়ুক্তৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব ৷

লগতে পঢ়ক : কমিছনৰাজৰ বাতৰি প্ৰকাশৰ পিছতে গা-লৰিল বৰপেটা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.