ETV Bharat / state

পাঠশালাত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত আনন্দৰ বন্যা

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)য়ে লোৱা চানমাৰি থানাৰ গোচৰত দোষমুক্ত হয় অখিল গগৈ । অখিল গগৈৰ উপৰিও NIA ৰ গোচৰত দোষমুক্ত হ’ল আন তিনিজন অভিযুক্ত ।

joyful-environment-in-pathshala-among-the-supporters-of-akhil-gogoi
পাঠশালাত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত আনন্দৰ বন্যা
author img

By

Published : Jul 1, 2021, 2:33 PM IST

গুৱাহাটী,1 জুলাই: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল বিধায়ক অখিল গগৈৰ ৷ বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি 'NIA'ৰ বিশেষ আদালতে অখিল গগৈক দোষমুক্ত কৰে ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতি,ৰাইজৰ দল আৰু নেতা গৰাকীৰ সমৰ্থক সকলৰ মাজত দেখা গৈছে আনন্দ উল্লাস ৷ সামন্তৰালকৈ বজালীৰ পাঠশালাত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা ৷

ন্যায়লয়ৰ ৰায়ক আদৰণি জনাই ৰাইজৰ দলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি বজালী জিলা সমিতয়ে ৰাজপথত ফটকা ফুটোৱাই আনন্দ প্ৰদৰ্শন কৰে ৷ লগতে এইয়া সততাৰ জয় বুলি উল্লেখ কৰি মিঠাই বিতৰণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি বজালী জিলা সমিতিয়ে ৷

পাঠশালাত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত আনন্দৰ বন্যা

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত অখিল গগৈক ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে নিয়াৰ অধিবক্তাৰ শুনানি গ্ৰহণৰ পাছতে অখিল গগৈৰ ওপৰত আৰোপ কৰা গোচৰৰ পৰা দোষমুক্ত কৰে ৷ অখিল গগৈৰ পক্ষৰ শুনানি ইতিমধ্যে সমাপ্ত হোৱাৰ পাছত বৃহস্পতিবাৰে নিয়াৰ যুক্তি দাখিলৰ দিন আছিল ৷ কিন্তু আদালতত নিয়া (NIA)ৰ ফালৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে অখিল গগৈক দোষমুক্ত কৰে ৷

উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ(NIA) অধিবক্তাই যুক্তি দিবলৈ অতিৰিক্ত এপ্তাহ সময় বিচাৰিছিল ৷ কিন্তু আদালতে সংস্থাটোৰ আবেদন নাকচ কৰি অতিৰিক্ত সময় নিদিলে ৷ অৱশেষত অখিল গগৈৰ অভিযোগ আৰোপ সন্দৰ্ভত আদালতে ৰায়দান দিয়ে ৷ এই ৰায়ৰ পিছত অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল ৷

অখিল গগৈৰ উপৰিও NIA ৰ গোচৰত দোষমুক্ত হ’ল আন তিনিজন অভিযুক্ত ৷ ধৈয্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰকো নিয়াৰ (NIA)ৰ আদালতে দোষমুক্ত কৰে ৷

লগতে পঢ়কঃ অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.