ETV Bharat / state

Open gambling in Kalgachia: আনন্দ মেলাত চলা দুষ্কৃতিৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি - Gambling in Kalgachia

কলগাছিয়াৰ চান্দমামাৰ বৰভিঠাত আনন্দ মেলাৰ নামত অত্যাধুনিক জুৱা আৰু যাদুৰ নামত অশালীন নৃত্যৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবেই সাংবাদিক আৰু ভাষ্য প্ৰদান কৰা আমছু নেতাক ভাবুকি মেলা সমিতিৰ (Open gambling in Kalgachia mela)। মেলা সমিতি আৰু ভাবুকি প্ৰদান কৰা ব্যাক্তি সকলৰ বিৰুদ্ধে পৃথকে পৃথকে কলগাছিয়া আৰক্ষী থানাত সাংবাদিক আৰু আমছুৱে দাখিল কৰিলে এজাহাৰ ।

Journalist threatened for publishing gambling news
আনন্দ মেলাৰ অপকৰ্মৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি
author img

By

Published : Dec 12, 2022, 9:36 AM IST

বৰপেটা, 12 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠাত আনন্দ মেলাত অত্যাধুনিক জুৱা আৰু যাদুৰ নামত উদ্দাম নৃত্য প্ৰদৰ্শনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকক ভাবুকি ৷ লগতে বাতৰিত ভাষ্য প্ৰদান কৰা আমছু নেতাকো মেলা সমতিয়ে ভাবুকি প্ৰদান কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Journalist threatened for publishing gambling news) । যোৱা ২ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ চলি থকা আনন্দ মেলাত লাকী কুপন, অত্যাধুনিক কেছিনো সদৃশ জুৱা চলাৰ লগতে যাদু খেলৰ নামত চলিছিল উদ্দাম নৃত্য ।

একাংশ ৰাইজৰ অভিযোগ ভিত্তিত আমছু নেতা আৰু সাংবাদিকৰ এটি দলে উক্ত মেলাত উপস্থিত হৈ জুৱা আৰু উদ্দাম নৃত্য প্ৰদৰ্শনৰ সমগ্ৰ দৃশ্য আৱদ্ধ কৰিছিল(Open gambling in Kalgachia mela) । এই লাকী কুপন, অত্যাধুনিক কেছিনো সদৃশ জুৱাত ৮ ৰ পাৰ ২০ বছৰীয়া কিশোৰৰ পয়োভৰৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈছিল কেমেৰাত । যোৱা ৯ ডিচেম্বৰত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ১০ ডিচেম্বৰত সাংবাদিক আৰু ভাষ্য প্ৰদান কৰা আমছু নেতাক ভাবুকি প্ৰদান কৰে বিভিন্ন অসামাজিক কামত জড়িত থকা আব্দুছ ছামাদ আৰু তেওঁৰ সাংগো-পাংগোৱে ।

আনন্দ মেলাত চলা দুষ্কৃতিৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি

ইয়াৰ ওপৰিও আব্দুছ ছামাদে সংবাদ মেলৰ আয়োজন কৰি যাদুৰ নামত উদ্দাম নৃত্য চলি থকা বুলি নিজ মুখে স্বীকাৰ কৰাৰ লগতে এটা নিশাত ৫০ লাখ টকাৰ লোকচান হৈছে বুলি উল্লেখ কৰে । লগতে সাংবাদিক আব্দুল আলিম খান আৰু আমছু নেতা ইউনুছ আলীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে (Gambling in Kalgachia) । ইয়াৰ পিছতেই দেওবাৰে সাংবাদিক আব্দুল আলিম খান আৰু আমছু নেতা ইউনুছ আলীয়ে মেলা সমিতিৰ সম্পাদক আব্দুছ ছামাদ আৰু ভাবুকি প্ৰদান কৰা ব্যাক্তি সকলৰ বিৰুদ্ধে পৃথকে পৃথকে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

আনহাতে, কোটিৰ ঘৰত আয় নেথাকিলে এটা নিশাত ৫০ লাখ টকা লোকচান কেনেকৈ হ’ল বুলি মেলা সমিতিলৈ আমছু আৰু সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাৰ লগতে অতি সোনকালে ভাবুকি প্ৰদান কৰা আব্দুছ ছামাদ আৰু তেওঁৰ সাংগো-পাংগোক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Nationwide signature campaign: কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ সমৰ্থনত দেশজুৰি স্বাক্ষৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.