বঙাইগাঁও, 24 জুলাই : সৰভোগত বিজেপিত ব্যাপক খহনীয়া ৷ একেদিনাই সৰভোগৰ ব্ৰজসদন প্ৰাংগণত আম আদমী পাৰ্টীত যোগদান কৰিলে বিজেপি আৰু চিপিআইএমৰ অৰ্ধ শতাধিক কৰ্মীয়ে(AAP Joining program at Sorbhog) ৷
উল্লেখ্য যে, শনিবাৰে সৰভোগ ব্ৰজসদন প্ৰাংগণত সুৰেন তালুকদাৰৰ সভাপতিত্বত আৰু জিলা পৰ্যায়ৰ নেতাৰ সহযোগত অৰ্ধ শতাধিক কৰ্মীয়ে আম আদমী পাৰ্টীত যোগদান কৰে । ইফালে, অসমৰ বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বানাক্ৰান্ত লোকসকলক উপযুক্ত আৰ্থিক সাহাৰ্য প্ৰদান কৰা, অসমৰ শিক্ষা ব্যৱস্থাক দিল্লীৰ শিক্ষা ব্যৱস্থাৰ দৰে গঢ়ি তোলা আদি বহু কেইটা সংকল্প গ্ৰহণ কৰি বিজেপি, চিপিআইএম নেতা-নেত্ৰীসকলে আপত যোগদান কৰে( (Joining program of AAP at Sorbhog) ৷
অসমৰ মহিলাৰ ভূমিকাক সংগঠিত কৰি মহিলাৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰিবলৈ আপ অসমে "আপ মহিলা শক্তি" অসম ৰাজ্যিক সমিতিৰ পুনৰ গঠন কৰে ৷ দিল্লী আৰু পাঞ্জাৱৰ দৰে অসমখন আম আদমী পাৰ্টীয়ে স্বচ্ছ নিকা দুনীতিমুক্ত কৰি গঢ়ি তুলিব বুলি প্ৰতিশ্ৰুতি আগবঢ়ায় ৷
লগতে পঢ়ক : Moina Nayak Incident: মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰুদ্ৰ চেটাৰ্জীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ !