ETV Bharat / state

আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ জিগনেশ মেৱানীৰ অধিবক্তাৰ - jignesh mevani tweet

জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰ বৰপেটা ৰোড থানাৰ (Jignesh Mevani arrested again) ৷ আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ মেৱানীৰ অধিবক্তাৰ ৷

jignesh-mevanis-advocate-accused-police-of-disobeying-sc
আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ জিগনেশ মেৱানীৰ অধিবক্তাৰ
author img

By

Published : Apr 26, 2022, 5:29 PM IST

বৰপেটা, ২৬ এপ্ৰিল : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানী (Jignesh Mevani in Barpeta's judicial court) ৷ মেৱানীৰ অধিবক্তা অংশুমান বৰাই সাংবাদিকক জনোৱামতে জিগনেশৰ সপক্ষে আদালতত ইতিমধ্যেই অধিবক্তাগৰাকীয়ে নিজৰ যুক্তি প্ৰদৰ্শন কৰিছে ৷ আৰক্ষীয়ে মেৱানীক দহ দিনৰ জিম্মাত বিচাৰিছে যদিও আদালতত এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই বুলি জনাইছে অধিবক্তাগৰাকীয়ে ৷ সম্প্ৰতি জিগনেশৰ জামিনৰ বাবে আবেদন জনাইছে অধিবক্তা গৰাকীয়ে (Jignesh Mevani latest updates) ৷

আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ জিগনেশ মেৱানীৰ অধিবক্তাৰ

ইয়াৰোপৰি, অধিবক্তাগৰাকীয়ে আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰো অভিযোগ আনিছে ৷ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হৈ থকা গোচৰ সম্পৰ্কত মেৱানীক কোনো কথা জনোৱা নাছিল আৰক্ষীয়ে (Jignesh Mevani in Assam) ৷ কোনো আদালতত গোচৰ চলি থকা অৱস্থাত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আন ঠাইত অন্য কোনো গোচৰ থাকিলে সেয়া জনাব লাগে যদিও বৰপেটা ৰোড থানাত ৰুজু হৈ থকা গোচৰ সম্পৰ্কত কোকৰাঝাৰ আদালতকো অৱগত কৰা হোৱা নাছিল ৷

বৰপেটা ৰোড থানাত ৰুজু হৈ থকা গোচৰ সম্পৰ্কত অৱগত নোহোৱা বাবেই কোকৰাঝাৰ আদালতে জামিন মঞ্জুৰৰ পিচতো মেৱানীক পুনৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে (Jignesh Mevani news)৷ ইপিনে, মেৱানীক গ্ৰেপ্তাৰ কৰি বৰঝাৰৰ পৰা কোকৰাঝাৰলৈ অনাৰ সময়ত কি কাৰণত মহিলা আৰক্ষী নিয়োগ কৰা হৈছিল সেই সম্পৰ্কতো আদালতত যুক্তি দৰ্শায় অধিবক্তাই ৷

লগতে পঢ়ক : Jignesh Mevani latest news : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.