ETV Bharat / state

Jignesh Mevani rearrested: জিগনেশ মেৱানীৰ বিৰুদ্ধে মহিলা আৰক্ষীক অশালীন ব্যৱহাৰৰ অভিযোগ

author img

By

Published : Apr 25, 2022, 8:11 PM IST

Updated : Apr 25, 2022, 8:22 PM IST

দ্বিতীয়বাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক (Jignesh Mevani rearrested by Assam police)৷ বুধবাৰে গুজৰাটৰ পালামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা কংগ্ৰেছী বিধায়কগৰাকীয়ে সোমবাৰে জামিন লাভ কৰে যদিও জামিনৰ পাছতেই আন এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে মেৱানীক ৷ এইবাৰ কৰ্তব্যৰত কৰ্মচাৰীক দ্বায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল গুজৰাটৰ বিধায়কগৰাকী ৷

Jignesh Mevani rearrested
জিগনেশ মেৱানীৰ বিৰুদ্ধে মহিলা আৰক্ষীক অশালীন ব্যৱহাৰৰ অভিযোগ

বৰপেটা, ২৫ এপ্ৰিল: কোকৰাঝাৰৰ পৰা বৰপেটা সদৰ থানাত উপস্থিত জিগনেশ মেৱানী ৷ গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীক পুনৰ গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ (Jignesh Mevani rearrested by Assam police)৷ কোকৰাঝাৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা বিধায়কগৰাকীয়ে জামিন লাভৰ পাছতেই বৰপেটাত ৰুজু হোৱা আন এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিধায়ক জিগনেশ মেৱানীক ৷

কোকৰাঝাৰ জিলা কাৰাগাৰৰ পৰা গুজৰাটৰ বিধায়কগৰাকীক পোনে পোনে বৰপেটা সদৰ থানালৈ লৈ অহা হয় (Jignesh Mevani arrested)৷ ইপিনে বৰপেটা সদৰ থানাত আৰক্ষীয়ে গ্ৰহণ কৰিছে ব্যাপক নিৰাপত্তা ব্যৱস্থা ৷ থানা চৌহদৰ ভিতৰত সকলো লোকৰ প্ৰৱেশত বাধা আৰোপ কৰে আৰক্ষীয়ে ৷ আনকি সংবাদমাধ্যমৰ লোককো থানা চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে ৷ বিধায়কগৰাকীক কি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে বা কোনে ৰুজু কৰিছিল গোচৰ সেই সম্পৰ্কে আৰক্ষীয়ে সংবাদমাধ্যমক সবিশেষ অৱগত কৰা নাই (Jignesh Mevani latest updates) ৷

Jignesh Mevani latest news : বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক

ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 নং ধাৰাত বৰপেটাৰোড আৰক্ষী থানাত ৰুজু হোৱা 81/2022 নং গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক ৷ এই বৰ্ষৰে 21 এপ্ৰিলত জিগনেশ মেৱানীৰ বিৰুদ্ধে এজন চৰকাৰী কৰ্মচাৰীক দায়িত্ব পালনত বাধা দিয়া আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত ৰুজু কৰা গোচৰৰ ভিত্তিতে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে (Jignesh Mevani arrested for assaulting officials)।

সোমবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ নেতৃত্বত যোৱা বৰপেটাৰ আৰক্ষীৰ এটা দলে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি বৰপেটা সদৰ থানালৈ লৈ আনে৷ সম্প্ৰতি বৰপেটা সদৰ থানাতে ৰখা হৈছে বিধায়ক জিগনেশ মেৱানীক (Jignesh Mevani at Barpeta police station)৷

উল্লেখ্য যে, বুধবাৰে গুজৰাটৰ পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানীক (Jignesh Mevani arrested) ৷ শুকুৰবাৰৰ পৰা অসম আৰক্ষীয়ে 3 দিনৰ বাবে বিধায়কগৰাকীক নিজৰ জিম্মাত লোৱাৰ পাছত সোমবাৰে জামিন লাভ কৰে যদিও পুনৰবাৰ আন এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে গুজৰাটৰ বিধায়কগৰাকীক ৷

লগতে পঢ়ক: Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

Last Updated : Apr 25, 2022, 8:22 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.